• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাকাৰ হ’বনে ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰতৰ সপোন?

চাহ বাগিচাত যক্ষ্মাৰ বিভীষিকা আৰু নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্পৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তা

মহেশ ডেকা by মহেশ ডেকা
November 28, 2019 7:54 pm
Tea garden Will TB-free India by 2025 be a reality?

অসমৰ চাহ বাগিচাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ভিতৰত ভাৰতৰ পৰা সম্পূৰ্ণৰূপে যক্ষ্মা নিৰ্মূল কৰাৰ লক্ষ্য স্থিৰ কৰিছে। সমগ্ৰ বিশ্বক ২০৩০ চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰ বিপৰীতে ভাৰতে ৫ বছৰ পূৰ্বেই দেশখন যক্ষ্মামুক্ত কৰাৰ সংকল্প লৈছে আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ অভিযান (Revised National Tuberculosis Control Programme)ৰ অধীনত ব্যাপক কাৰ্য্যসূচী হাতত লৈ আহিছে।

অসমত ১৯৯৮-৯৯ চনত ডিব্ৰুগৰত আৰম্ভ হোৱা এই কাৰ্য্যসূচী (আৰ এন টি চি পি) সম্প্ৰতি ৰাজ্যখনৰ ২৭খন জিলাক সামৰি লৈছে।  যক্ষ্মাত আক্ৰান্ত প্ৰতিগৰাকী ৰোগীয়ে প্ৰত্যক্ষ নিৰীক্ষণত চিকিৎসা (ডটছ) লাভ কৰাটো এই অভিযানৰ মূল উদ্দেশ্য। লগতে যক্ষ্মাত আক্ৰান্ত লোকৰ ৯০%ক চিনাক্ত কৰা আৰু তেওঁলোকক ৰোগমুক্ত কৰা এই অভিযানৰ অন্য এক লক্ষ্য।

অসমক যক্ষ্মামুক্ত কৰাৰ ক্ষেত্ৰত প্ৰধান প্ৰত্যাহ্বান আহিছে চাহ-শ্ৰমিক অধ্যুষিত জিলাকেইখনৰ পৰা। কিয়নো চাহ বাগিচাৰ শ্ৰমিকসকল ব্যাপক হাৰত যক্ষ্মাত আক্ৰান্ত হৈ আহিছে।

‘’যেতিয়ালৈকে আমি চাহ বাগিচাবোৰত যক্ষ্মা নিয়ন্ত্ৰণ কৰিব নোৱাৰো তেতিয়ালৈকে দেশখন সম্পূৰ্ণৰূপে যক্ষ্মামুক্ত কৰা সম্ভৱ নহয়,“ ভাৰতীয় চাহ সংস্থা, অসম শাখাৰ চিকিৎসা পৰামৰ্শ সমিতিৰ অধ্যক্ষ পূৰ্ণানন্দ খাউন্দে কয়।

২০১৬ চনত ডিব্ৰুগড় জিলা যক্ষ্মা নিয়ন্ত্ৰণ অভিযানৰ অধীনত চলোৱা এক অধ্যয়নমতে জিলাখনত ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি যক্ষ্মা ৰোগী আছে। চিকিৎসকৰমতে, জিলাখনত থকা চাহ বাগানসমূহেই ইয়াৰ ৰোগী বৃদ্ধি হোৱাৰ কাৰণ।

“ডিব্ৰুগ্ড় জিলাত অসমৰ ভিতৰত আটাইতকৈ বেছি যক্ষ্মা আক্ৰান্ত লোক আছে। ইয়াৰ মূল কাৰণ হ’ল ডিব্ৰুগড় জিলাত মুঠ ১৪৪খন চাহ বাগিচা আছে। আৰু বাগিচা অঞ্চলত সাধাৰণতে অধিক লোক যক্ষ্মাত আক্ৰান্ত হোৱা দেখা যায়,” ডিব্ৰুগড় জিলা যক্ষ্মা বিষয়া হিতেন্দ্ৰ সোণোৱালে কয়।

সেইদৰে চাহ বাগিচা অধ্যুষিত তিনিচুকীয়া আৰু যোৰহাট জিলাতো ব্যাপক হাৰত যক্ষ্মা আক্ৰান্ত লোক আছে। ১৯১৫ চনৰ এক চৰকাৰী তথ্যমতে অসমৰ ১৭ শতাংশ চাহ শ্ৰমিক যক্ষ্মাত আক্ৰান্ত।

যক্ষ্মা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিনামূলীয়া চিকিৎসা সেৱাকে ধৰি বিভিন্ন আঁচনি  লৈছে যদিও চাহ বাগিচাত যক্ষ্মাৰ বিভীষিকা হ্ৰাস পোৱা নাই।

শিক্ষাৰ পোহৰ নপৰা শ্ৰমিকসকলৰ মাজত স্বাস্থ্য সম্পৰ্কে সজাগতাৰ অভাৱ, পুষ্টিকৰ খাদ্যৰ অভাৱ, অস্বাস্থ্যকৰ পৰিৱেশত জীৱন নিৰ্বাহ, সুৰাপান আৰু ধুমপান আদি কাৰণত চাহ বাগিচাসমূহত যক্ষ্মাৰ প্ৰাবল্য অধিক।

আনহাতে, শ্ৰমিকৰ স্বাস্থ্যৰ প্ৰতি চাহ বাগান কৰ্তৃপক্ষৰ উদাসীনতাৰ অভিযোগো দীৰ্ঘদিনীয়া।

অৱশ্যে, এনে অভিযোগৰ মাজতে শেহতীয়াভাৱে বাগিচাসমূহ যক্ষ্মামুক্ত কৰাৰ লক্ষ্যৰে ভাৰতীয় চাহ পৰিষদ আৰু ভাৰতীয় চাহ সংস্থা, অসম শাখাৰ অধীনৰ বাগানসমূহ আগবাঢ়ি আহিছে আৰু নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্প (Employer-led model)ৰ অধীনত কেতবোৰ কাৰ্য্যসূচী হাতত লৈছে।

১৯১৭ চনত আৰম্ভ কৰা এই প্ৰকল্পত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৩৯ খন চাহ বাগিচা সামৰি লোৱা হৈছে।

‘’অসমৰ চাহ বাগিচাসমূহ যক্ষ্মামুক্ত কৰাৰ বাবে নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্প হাতত লোৱা হৈছে। সদ্যহতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ চাহ বাগানত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে, আমি সমগ্ৰ অসমৰ বাগানলৈ ইয়াক সম্প্ৰসাৰণৰ বাবে আগ্ৰহী,‘’ ভাৰতীয় চাহ সংস্থা, অসম শাখাৰ সচিব অভিজিত শৰ্মাই কয়।

কি এই নিয়োগকৰ্তা–নিয়োজিত প্ৰকল্প?

যক্ষ্মাৰ প্ৰতিৰোধ আৰু যক্ষ্মা আক্ৰান্ত চাহ-শ্ৰমিকৰ চিকিৎসাৰ ব্যৱস্থা কৰা আৰু যত্ন লোৱাৰ বাবে ৰাজ্যিক যক্ষ্মা কোষ আৰু বেচৰকাৰী অনুষ্ঠান ৰিট্ছৰ সহযোগত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

“নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্প হৈছে এনে এটা পদক্ষেপ য’ত নিয়োগকৰ্তাই (employer) কৰ্মচাৰীৰ  মাজত ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু দায়িত্ব ল’ব লাগে। ই বাগিচা কৰ্তৃপক্ষই তেওঁলোকৰ অধীনত কাম কৰা শ্ৰমিকসকলৰ মাজত যক্ষ্মা নিৰ্মূলৰ বাবে গ্ৰহণ কৰা এটা পদক্ষেপ,” খাউন্দে কয়।

ৰিটছৰ অসম  ৰাজ্যিক সমন্বয়ক অৰূপজ্যোতি কলিতাই কয়, চাহ-শ্ৰমিকসকলে যাতে যক্ষ্মাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে, চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে, বিনামূলীয়াকৈ ঔষধ-পাতি আৰু পৰীক্ষা-নিৰীক্ষা কৰাব পাৰে আৰু পুষ্টিকৰ খাদ্য লাভ কৰে তাক নিশ্চিত কৰাটো এই প্ৰকল্পৰ অন্যতম লক্ষ্য।

প্ৰকল্পৰ ইতিবাচক দিশ:

যক্ষ্মাত আক্ৰান্ত শ্ৰমিকসকল চিকিৎসাৰ বাবে ক’লৈ যাব, কিদৰে চিকিৎসা লাভ কৰিব– ইত্যাদি ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই এই প্ৰকল্পৰ জড়িত হৈ সহায়-সুবিধা আগবঢ়ায়।

‘’এই প্ৰকল্পৰ অংশ হিচাপে চাহ-বাগিচাসমূহত যক্ষ্মা সম্পৰ্কে সজাগতামূলক কাৰ্য্যসূচী হাতত লোৱা হৈছে। ফলত পূৰ্বৰ তুলনাত এই প্ৰকল্প ৰূপায়ণ কৰা বাগিচাৰ শ্ৰমিকসকল যক্ষ্মা সম্পৰ্কে কিছু পৰিমাণে সজাগ হোৱা দেখা গৈছে। অসুস্থ হ’লেও শেষমুহূৰ্তলৈ চিকিৎসালয়লৈ যাব নিবিচৰা শ্ৰমিকসকল এতিয়া চিকিৎসা কৰ্মী বা চিকিৎসকৰ ওচৰলৈ অহা দেখা গৈছে। আধাতে চিকিৎসা এৰি দিয়া শ্ৰমিকৰ সংখ্যাও কমি আহিছে,” নামৰূপ চাহ বাগিচা হাস্পতালৰ চিকিৎসা বিষয়া বিজিত দুৱৰাই কয়।

‘’লগতে এই প্ৰকল্পৰ জড়িয়তে আৰম্ভ কৰা প্ৰত্যক্ষ পৰীক্ষণ অভিযান (Active case finding)ৰ ফলত যক্ষ্মা আক্ৰান্ত ৰোগীসকলক সময়মতে চিনাক্ত কৰাত সহায় হৈছে,“ তেওঁ কয়।

দুৱৰাই কয় যে, যক্ষ্মা আক্ৰান্ত ৰোগসকলে যথেষ্ট পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰয়োজন, কিন্তু বিভিন্ন কাৰণত চাহ শ্ৰমিকসকলে তেনে খাদ্য গ্ৰহণ কৰা দেখা নাযায়। এই প্ৰকল্পৰ অধীনত যিহেতু আক্ৰান্ত শ্ৰমিকসকলক পুষ্টিকৰ খাদ্য যোগানৰ ব্যৱস্থা আছে, ইয়াৰ ফলত শ্ৰমিকসকলে সোনকালে আৰোগ্য লাভ কৰে।

তেওঁ কয়, নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্পত চাহ-শ্ৰমিকৰ পৰিয়ালেও যক্ষ্মা চিকিৎসাৰ সকলো সুবিধা লাভ কৰে। তেওঁলোকেও পুষ্টিকৰ খাদ্য লাভ কৰে। ফলত শ্ৰমিকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলেও সকাহ পাইছে।

নিয়োগকৰ্তা–নিয়োজিত প্ৰকল্পই যথেষ্ট নহয়:

কেৱল নিয়োগকৰ্তা-নিয়োজিত প্ৰকল্পই চাহ বাগিচাত যক্ষ্মা নিৰ্মূল কৰিব বুলি আশা কৰিব নোৱাৰি। ইয়াৰ বাবে চৰকাৰ, বেচৰকাৰী অনুষ্ঠান, বাগিচা কৰ্তৃপক্ষকে ধৰি সকলোৱে নিষ্ঠাসহকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

চৰকাৰৰ কৰণীয়:

যক্ষ্মা ৰোগৰ ক্ষেত্ৰত যিহেতু সময়মতে ৰোগটো ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ, সেয়েহে চৰকাৰে ৰোগ পৰীক্ষাৰ সা-সুবিধাসমূহ আগবঢ়োৱাটো নিতান্তই প্ৰয়োজন। বিশেষকৈ পৰীক্ষাৰ বাবে পৰ্য্যাপ্তসংখ্যক মাইক্ৰ’স্কপি চে’ণ্টাৰ থকা দৰকাৰ।

‘’ভাৰত চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশক যক্ষ্মামুক্ত কৰাৰ বাবে যি লক্ষ্য স্থিৰ কৰিছে, সেইক্ষেত্ৰত নীতি প্ৰস্তুত কৰোতে কেতবোৰ দিশ মন কৰা প্ৰয়োজন আছিল। বিশেষকৈ পৰীক্ষাৰ বাবে জিলা সমূহত পৰ্য্যাপ্ত পৰিমাণৰ মাইক্ৰ’স্কপিক চে’ণ্টাৰ আৰু চিবি-নাট (CB-NAAT) মেচিন স্থাপন কৰিব লাগিছিল। তেতিয়া পৰীক্ষাসমূহ সময়মতে আৰু সুচাৰুৰূপে হ’লহেঁতেন। কিন্তু এতিয়ালৈকে সেয়া হৈ উঠা নাই,” খাউন্দে কয়।

“উদাহৰণস্বৰূপে ডিব্ৰুগ্ড়ত ১৩ লাখ জনসংখ্যা আছে। অথচ এইখিনি মানুহৰ কাৰণে মাত্ৰ ১৪টা মাইক্ৰ’স্কপিক চে’ণ্টাৰ আছে। সেয়ে আওহতীয়া ঠাইৰ লোকসকলে বহু দূৰলৈ পৰীক্ষাৰ বাবে যাব লগীয়া হয়। কিন্ত সাধাৰণতে চাহ শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা যিহেতু ভাল নহয়, তেওঁলোকে পৰীক্ষাৰ বাবে দূৰলৈ যোৱাত সমস্যাৰ সম্মুখীন হয়। যদি এই মাইক্ৰ’স্কপিক চে’ণ্টাৰবোৰ বৃদ্ধি কৰিলেহেঁতেন, তেন্তে তেওঁলোকে ঘৰৰ ওচৰতে সহজে পৰীক্ষাবোৰ কৰাব পাৰিলে হয়,” তেওঁ কয়।

খাউন্দে লগতে কয় যে বৰ্তমান যক্ষ্মাৰ পৰীক্ষাৰ বাবে প্ৰতিখন জিলাত মাত্ৰ এটাকৈহে চিবি-নাট (CB-NAAT) মেচিন আছে। এটা মেচিনত প্ৰতিদিনে মাত্ৰ ৮টালৈকৈহে পৰীক্ষা সম্পন্ন হয়। গতিকে বহু ৰোগীৰ পৰীক্ষাৰ ক্ষেত্ৰত বিলম্ব হোৱা দেখা যায়। পৰীক্ষাবোৰ সময়মতে কৰাৰ বাবে চিবি-নাট মেচিন বৃদ্ধি কৰাটো জৰুৰী।

আনহাতে, ৰোগী অনুপাতে যক্ষ্মা গোটসমূহত কৰ্মচাৰীৰ অভাৱ দেখা যায়। গোটসমূহত যথেষ্টসংখ্যক কৰ্মচাৰী থকাটো নিশ্চিত হ’ব লাগে।

লগতে পঢ়ক– চাহ শ্ৰমিকৰ আৰ্থিক অৱস্থা আৰু বাগিচাত যক্ষ্মাৰ বিভীষিকা

চাহ বাগিচা কৰ্তৃপক্ষৰ দায়িত্ব:

চাহ বাগিচাসমূহক যক্ষ্মামুক্ত কৰাত বাগিচা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বিশেষকৈ প্ৰতিখন চাহ বাগানৰ হাস্পতালত চিকিৎসক থকাটো নিশ্চিত হ’ব লাগে। সেইদৰে, যক্ষ্মা আক্ৰান্ত শ্ৰমিকসকল সম্পূৰ্ণ সুস্থ হৈ নুঠালৈকে তেওঁলোকে নিয়মীয়াকৈ দৰৱ খাইছে নে নাই তাৰ ওপৰত বাগিচা প্ৰশাসনে পৰ্য্যৱেক্ষণ ৰাখিব লাগে আৰু তেওঁলোকক পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে। লগতে ৰোগীসকল পৰীক্ষাৰ বাবে মাইক্ৰ’স্কপিক চে’ণ্টাৰলৈ যাওঁতে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ নিদি এম্বুলেন্সত নিব লাগে। কিয়নো ৰাজহুৱা পৰিবহণত গ’লে তেওঁলোকৰ পৰা আনলৈ ৰোগটো সোঁচৰাৰ আশংকা থাকে।

(লেখক নৰ্থইষ্ট নাওৰ সাংবাদিক, লেখাটো ৰিটছ্ মিডিয়া ফেল’শ্বিপৰ অংশ)

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd