• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘২১ত নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে ভোট বিভাজনেই কৰিব নে চৰকাৰ গঠন কৰিব পাৰিব?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 5, 2021 7:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো দুটা মাহ। এই সময়ছোৱাত শাসকীয় বিজেপিৰ লগতে বিভিন্ন ৰাজনৈতিক দলে ৰাজনৈতিক কুচ কাৱাজ আৰম্ভ কৰিছে। তাৰ লগে লগে চলিছে বহু ৰাজনৈতিক জল্পনা কল্পনা। কোনে ২০২১ৰ নিৰ্বাচনত মাৰিব শেষ হাঁহি বা ৰাজপাট দখল কৰিব কোনে?

ইতিমধ্যে বহু ৰাজনৈতিক সমীকৰণ বহুতে দাঙি ধৰিছে। তাৰ মাজতে অধিক চৰ্চিত বিষয়টো হৈছে অসমত নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান। কিন্তু এই নতুন আঞ্চলিক ৰাজনৈতিক শক্তিসমূহে এক দৃঢ় স্থিতি ল’বলৈ কিমানদূৰ সক্ষম হৈছে সেয়া বিচাৰ্য বিষয় হৈ পৰিছে।

আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত শিৱসাগৰত ৰাজনৈতিক অভিৱৰ্তনৰে গঠন হ’ল অসম জাতীয় পৰিষদ। যি ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্বত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ অধিষ্ঠিত হ’ল। ঠিক সেইদৰে ‘কা’ বিৰোধী গণ আন্দোলনৰ নেতৃত্ব লৈ NIAৰ গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ অখিল গগৈৰ নেতৃত্বত গঠন হ’ল ৰাইজৰ দল।

শেহতীয়াকৈ বৃহস্পতিবাৰে GMCHত চিকিৎসাধীন হৈ থকা কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

আনুষ্ঠানিকতা বাকী যদিও অসম জাতীয় পৰিষদৰ সভাপতি আৰু ৰাইজৰ দলৰ সভাপতিৰ আলোচনা তথা সাক্ষাতে দুয়োটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ যে মিত্ৰতাত চুড়ান্ত মোহৰ মাৰিলে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

কিন্তু এতিয়া প্ৰশ্ন হৈছে, যিহেতু কা বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটতে বিশেষকৈ তিনিটাকৈ ৰাজনৈতিক দল গঠন হ’ল। অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু ৰাজ্যসভাৰ সাংসদ অজিত ভুঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা।

এতিয়া প্ৰশ্ন হৈছে যুঁজ হ’ব কাৰ কাৰ মাজত? ধৰি লৈছো ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি অন্য আঞ্চলিক সংগঠনৰ সহযোগিতাত মিত্ৰতাৰ পাশত আৱদ্ধ হ’ল প্ৰাৰ্থীও ঠিক কৰিলে!

কিন্তু কি হ’ব আঞ্চলিকতাৰ ভেটিত ‘কা’ৰ বিৰুদ্ধে গঠন হোৱা আঞ্চলিক গণ মৰ্চাৰ? নামত আঞ্চলিকতাবাদ হ’লেও তেওঁলোক কংগ্ৰেছ-এআইয়ুডিএফৰ সৈতে ইতিমধ্যে মিত্ৰতাৰ পাশত আৱদ্ধ হৈছে।

২০২১ৰ এই যুঁজখন ত্ৰিকোণীয়া হ’ব নে দুকোণীয়া হ’ব? এটা দিশত ৰাইজৰ দল, আনটো দিশত বিজেপি-অগপ মিত্ৰজোঁট আৰু অন্য দিশত কংগ্ৰেছ এআইয়ুডিএফৰ মহাজোঁট থাকিব নেকি? নে জাতীয়তাবাদ বনাম ৰাষ্ট্ৰীয়তাবাদ-সাম্প্ৰদায়িকবাদৰ হ’ব নেকি এই যুঁজ? মুঠৰ ওপৰত এই সকলোবোৰ এতিয়া সকলোবোৰ নিমিলা অংকত পৰিণত হৈছে। এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয় ‘ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক দল এটা ব্লকত থাকিব। তাৰ বিৰুদ্ধে জাতীয়তাবাদী শক্তিৰ ভোটৰ যুদ্ধ হ’ব। দুইকোণীয়া প্ৰতিদ্বন্দিতা হ’ব। এফালে জাতীয়তাবাদ আৰু আনফালে সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দল।‘

লুৰীণজ্যোতি গগৈৰ ভাষ্যৰ পৰা স্পষ্ট হ’ল তেওঁলোক কোনোপধ্যে ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ দল-সংগঠনৰ সৈতে মিত্ৰতা নকৰে। লুৰীণৰ মতে  এফালে জাতীয়তাবাদ আৰু আনফালে সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ মাজত দুইকোণীয়া যুঁজ হ’ব।

ঠিক সেইদৰে ৰাইজৰ দলৰ নেতৃত্বয়ো তেওঁলোক কোনোপধ্যেই কংগ্ৰেছ মহাঁজোটৰ লগ নালাগে।

কিন্তু আঞ্চলিক ৰাজনৈতিক দলে কংগ্ৰেছ মহাজোঁটৰ লগ নালাগিলে ৰাজপাট দখল কৰিব পাৰিব নে? বা বিধান সভাত প্ৰৱেশ কৰিব পাৰিব নে?

এই সন্দৰ্ভত কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আব্দুল খালেকে কয় ‘সকলো ৰাজনৈতিক দলৰে অধিকাৰ আছে। যদি নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহ বিজেপিক প্ৰতিহত কৰিবলৈ সঁচাকৈয়ে আগ্ৰহী তেন্তে একেলগে নিৰ্বাচন খেলিব লাগে। যদি তেওঁলোকে সমাগত নিৰ্বাচনত বিধানসভাত প্ৰৱেশেই কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ উদ্দেশ্য বিফল হ’ব।‘

তদুপৰি, শেষ মুহূৰ্তত হ’লে কংগ্ৰেছৰ মহাজোঁটলৈ নতুন আঞ্চলিক ৰাজনৈতিক দলসমূহ আহিব বুলি আশা প্ৰকাশ কৰে খালেকে।

আনহাতে, লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছ-এআইয়ুডিএফৰ মহাজোঁটৰ সৈতে মিত্ৰতা নকৰো বুলি স্পষ্ট কৰি দিয়াৰ পাছত ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

তেওঁ কয় ‘তেওঁলোকৰ পূৰ্বসূৰী অসম গণ পৰিষদক সৈমান কৰাওঁক যে বিজেপি দলৰ পৰা ওলাই আহি আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰক। কংগ্ৰেছ দলটোতকৈ অধিক বেয়া মনোভাৱ বিজেপিৰ।

মুঠৰ ওপৰত ২১ ৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ’ব এতিয়ালৈকে তাৰ স্পষ্ট ছবি এখন পৰিস্ফুট হৈ উঠা নাই। ইফালে বিৰোধী শক্তিৰ এনে ঢৌ বা নিমিলা সমীকৰণৰ সুযোগ লৈয়ে যেন বিজেপি নেতৃত্বই সদম্ভে ১০০+ আসনৰ কথা বাৰেপতি উল্লেখ কৰি আহিছে। তাৰ মাজতে প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিৰোধী ৰাজনৈতিক শক্তিসমূহক একত্ৰিত হ’বলৈ আহ্বান জনাই ৰাজনৈতিক টিপ্পনী দিয়া আৰম্ভ কৰিছে।

আনহাতে, এনে এক ধুঁৱলি-কুঁৱলী ৰাজনৈতিক প্ৰেক্ষাপটৰ মাজতে আমাৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে LDP দলৰ ৰাজ্যিক অধ্যক্ষ হলিৰাম তেৰাঙে। আমাৰ আগত কৰা তেৰাঙৰ এক মন্তব্যই বিশেষ তাৎপৰ্য বহম কৰিছে। তেৰাঙৰ মতে আঞ্চলিক শক্তিসমূহ একত্ৰিত নহ’লে চৰকাৰ গঠন কৰিব নোৱাৰিব যদিও বিজেপি বিৰোধী প্ৰধান শক্তি হিচাপে কংগ্ৰেছকো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সহায় কৰি চৰকাৰ গঠনৰ বাবে সুযোগ দিব লাগে।

এতিয়া এনেবোৰ দৃশ্যপট বা ৰাজনৈতিক নেতাৰ মন্তব্যই সূচাইছে কি? অসম গণ পৰিষদৰ প্ৰাসংগিকতাৰ কথা বৰ্তমান সময়ত আমি উল্লেখ নকৰো। কিয়নো ৬ বছৰীয়া অসম আন্দোলনৰ পৰিণতিত শাসনলৈ আহিও অসমবাসীৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হোৱা বুলি ইতিমধ্যে গাত এক চেকা চিৰদিন কঢ়িয়াই লৈ ফুৰিব অসম গণ পৰিষদে। ইয়াৰোপৰি, CAA ৰ সমৰ্থন কৰা তথা বলবৎ কৰিব বিচৰা বিজেপি দলৰে মিত্ৰতাত আৱদ্ধ হৈ আছে অসম গণ পৰিষদ।

এনেবোৰ ক্ষেত্ৰত পুনৰ নতুন আঞ্চলিক ৰাজনৈতিক শক্তিক বিশ্বাসত ল’ব নে অসমৰ জনসাধাৰণে? বিজেপিৰ ধনবল, বাহুবলৰ বিপৰীতে আঞ্চলিকতাবাদী শক্তিসমূহক কিদৰে যুঁজিব? নে প্ৰকৃতাৰ্থত জাতীয়তাবাদী শক্তিৰ উত্থানে জাতীয়তাবাদী শিবিৰৰ মাজত পুনৰ ভোট বিভাজন কৰি পুনৰ এবাৰ বিজেপিকে শাসনৰ গাদী দখলত সহায় কৰিব নেকি? সেয়া সকলোবোৰ নিৰ্ভৰ কৰিব নতুন আঞ্চলিক ৰাজনৈতিক দলৰ কাম-কাজ তথা জনসাধাৰণৰ আস্থাৰ ওপৰত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd