NORTHEAST NOW (Assamese)

২৬০ কোটিৰ সম্পত্তি! আমেৰিকাত চাৰিটা ঘৰ আৰু সম্পত্তিৰে ধনৱন্ত বিজেপি প্ৰাৰ্থী কৰ্ণালে হৰুৱালে সত্যেন্দ্ৰক

February 8, 2025 7:39 pm · এন ই নাও নিউজ, গুৱাহাটী

এই নিৰ্বাচনত তেওঁ আছিল দিল্লীৰ আটাইতকৈ ধনী বিজেপি প্ৰাৰ্থী। অন্ততঃ নিৰ্বাচনী শপতনামাত তেনেকৈয়ে লিখা আছে। এইবাৰ শকুৰবস্তিত বিজেপিৰ প্ৰাৰ্থী। তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে। আৰু তাৰ পাছত ২০ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰে। প্ৰাৰম্ভিক পৰ্যায়ত সত্যেন্দ্ৰ জৈন আগবাঢ়ি আছিল যদিও চূড়ান্ত হাঁহি মাৰিব নোৱাৰিলে। আপৰ পৰা এই আসন কাঢ়ি ল’লে বিজেপিৰ কৰ্ণাল সিঙে।

কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মনোনয়ন পত্ৰ জমা দিওঁতে জমা দিবলগীয়া সম্পত্তিৰ শপতনামাৰ ভিত্তিত কৰ্ণাল সিং এইবাৰ আটাইতকৈ ধনী প্ৰাৰ্থী। শপতনামা অনুসৰি কৰ্ণলৰ মুঠ সম্পত্তি ২৫৯.৬৭ কোটি টকা। বেংক একাউণ্টত আছে ২৭ লাখ ৫৯ হাজাৰ টকা। ২৫ লাখ টকাৰ বীমা। সোণ আৰু হীৰাত ৩৮ লাখ ৪৫ হাজাৰ টকা।

তেওঁৰ স্থাৱৰ সম্পত্তিৰ ভিতৰত আছে হাৰিয়ানাত ৬০ কোটি টকাৰ এটা ফাৰ্ম হাউচ।আছে ৫৫ লাখ টকাৰ দোকান। ইয়াৰ বাহিৰেও আমেৰিকাৰ ৱাশ্বিংটন আৰু কেলিফৰ্ণিয়া, আৰু হাৰিয়ানাততেওঁৰ মুঠ ১৯৮ কোটি টকাৰ ঘৰ আছে। চাৰিটা ঘৰৰ ভিতৰত চাৰিটা ঘৰ আমেৰিকাত। মাই নেটা ডট কমৰ তথ্য অনুসৰি কাৰ্নেলে দশম শ্ৰেণীলৈকে পঢ়িছিল।

Related News