গোৱালপাৰাৰ দুধনৈত মহিলা সন্ধানহীন

Goalpara Story

সন্ধানহীন হৈ থকা মহিলাগৰাকী

গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত থৱলপাৰা গাওঁ এগৰাকী মহিলা বিগত ৯ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, থবলপাৰা নিবাসী সঞ্জীৱ ৰাভাৰ পত্নী জানমণি ৰাভাই (২৫)বিগত ২৭ নৱেম্বৰৰ দিনা গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ বুলি  ঘৰৰ পৰা ওলাই গৈ  আজিলৈ নিৰুদ্দেশ হৈ আছে।

গুৱাহাটীত কৰ্মৰত স্বামী সঞ্জীৱ ৰাভাই খৱৰ পাই বহুত বিছাৰ-খোচাৰ কৰি পত্নীৰ কোনো সন্ধান উলিয়াব নোৱাৰি অৱশেষত দুধনৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

পৰিয়ালৰ লোকে জানিব দিয়ামতে সন্ধানহীন জানমণি ৰাভাই ঘৰৰ পৰা ওলাই যোৱাৰ পূৰ্বে নিজৰ ৭ বছৰীয়া জীয়ৰী জনীক হাৱাংগিৰিৰ নিজ মাতৃ গৃহত ককা আইতাকৰ লগত এৰি যায়৷

কোনো লোকে মহিলা গৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা অথবা  ৯১০১০২৯১৭৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷