ওদালগুৰিত পথ দুৰ্ঘটনাত দুজন লোক নিহত; আহত আন কেইবাজনো লোক

udalguri-accidenr-750x375

দুৰ্ঘটনাগ্ৰস্ত বাহনখন। ফটো : নৰ্থইষ্ট নাও

ওদালগুৰিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দেওবাৰে দুজন লোক নিহত হোৱাৰ উপৰি শিশুকে ধৰি আন তেৰজন লোক আহত হয়।

জানিব পৰা মতে, এএছ-০১-এফ চি-৫৯২৬ নম্বৰৰ বলেৰ’ পিক আপ বাহনখনে ভূটানৰ পৰা বামুণজুলি চাহ বাগিচালৈ বনভোজ খাই উভতি অহা যাত্ৰীসকলক কঢ়িয়াই আনি থাকোতে দেওবাৰে সন্ধিয়া ওদালগুৰিৰ ছামৰাং অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোত আহত লোকসকলক ততাতয়াকৈ টংলা হাস্পাতললৈ লৈ যোৱা হয় যদিও তাত চিকিৎসকে পাংখাৰিয়াছ টপ্প(৬০) আৰু আগাষ্টাছ মুণ্ডা (৩২) নামৰ ব্যক্তি দুজনক মৃত বুলি ঘোষণা কৰে। বাকী আহত কেইজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

টংলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ এইচ দাসে জানিবলৈ দিয়া মতে দুৰ্ঘটনাটোত আহতসকলক সোমা মুণ্ডা(৩০), গাংগু ওৰাং(২৬),ৰিতু নায়ক(৩৫), শ্যাম নায়ক(৩০), টিংকু নায়ক(৩৫), বিক্ৰম পুৰজা(৪৫), সোমা মুণ্ডা(২৬), লৰেশ তিৰ্কী (৩৫), এলেনা ডেকা(৩৪), বিষ্ণু পুৰজা(২৯), দিপীকা নায়ক(২৪), নিৰ্মল মুণ্ডা(২৫)নিউলাছ ওৰাং(২৬)আৰু বুধুৱা মুণ্ডা (৩৫) বুলি চিনাক্ত কৰা হৈছে।

আহত লোকসকলৰ প্ৰায় আটাইবোৰেই চাহ বাগানৰ কৰ্মী আৰু বামুণজুলি চাহ বাগিচাৰ বাসিন্দা। তেওঁলোকে ভূটানৰ পৰা বনভোজ খাই উভতি অহাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।