• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক! উৰিষ্যাত মৃতদেহ বিচাৰি যোৱা আত্মীয়ক হাৰাশাস্তি কৰিছে চৰকাৰী কৰ্তৃপক্ষই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 4:30 pm
473
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাৰ ভয়াৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা আজি তিনিদিনেই পাৰ হৈ গ’ল। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে আহত ব্যক্তি আৰু নিহত সকলৰ পৰিয়াললৈ বিভিন্ন সাহায্যৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে উৰিষ্যাৰ নবীন পাটনায়কৰ ৰাজ্য চৰকাৰেও বিহু সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 

কিন্তু, ইমানবোৰ আনুষ্ঠানিক ঘোষণাৰ পিছতো উৰিষ্যাত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে আহত আৰু নিহত ব্যক্তিৰ আত্মীয় সকলে।  উৰিষ্যাত চলি থকা চৰকাৰী পক্ষৰ এনে বিভৎস কাণ্ডৰ বিষয়ে উদঙাই দিছে এগৰাকী নিহত ব্যক্তিৰ আত্মীয়ই।

অভিযোগ উত্থাপন কৰা ব্যক্তিগৰাকীৰ নাম সুমিত সিঙ। তেওঁৰ ঘৰ পশ্চিমবংগত। দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল নামৰ ৰেল খনত আছিল সুমিতৰ এগৰাকী আত্মীয়, যি ৰেলখনত এগৰাকী ৰেল শ্ৰমিক হিচাপে কাম কৰি আছিল। 

ঘটনা সংঘটিত হোৱাৰ দিনা সন্ধিয়া সুমিতে এগৰাকী ৰেল কৰ্মচাৰীল ফোন কৰি সুধিছিল যে তেখতৰ আত্মীয় বৰ্তমান কেনে আছে।  ৰেলৱে কৰ্মচাৰী জনে তেতিয়া সুমিতক জনাইছিল যে তেখেতৰ আত্মীয় ৰেল শ্ৰমিকগৰাকী দুৰ্ঘটনাত আহত হৈছে আৰু তেখেতৰ বিশেষ একো ক্ষতি হোৱা নাই, বৰ্তমান তেখেতৰ অৱস্থা সুস্থিৰ। মাত্ৰ কঁকাল আৰু আঁঠুত সামান্য আঘাত পাইছে। 

এই কথা শুনি সুমিতে শুকুৰবাৰে নিশাই পশ্চিম বঙ্গৰ বাবুঘাটৰ পৰা উৰিষ্যালৈ বুলি বাছৰে ৰাওনা হৈছিল। কিন্তু বাটতে তেওঁৰ মোবাইলত এটা মেছেজ আহিল যে তেওঁৰ আত্মীয় আৰু জীয়াই নাই।

এই ভয়ংকৰ খবৰৰ পিছতেই সুমিতে ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ চৌদিশে সিঁচৰতি হৈ থকা মৃতদেহ সমূহ উদ্ধাৰ কৰে। আনহাতে চিকিৎসালয়ৰ কৰিড’ৰত সিঁচৰতি হৈ আছিল অজস্ৰ মৃতদেহ। 

সুমিতে কয় যে যেতিয়া তেওঁ বাৰে বাৰে চিকিৎসালয়ৰ লোকসকলক নিজৰ আত্মীয়ৰ মৃতদেহ বিচাৰি অনুৰোধ কৰিছিল তেতিয়া প্ৰায় ৪-৫ ঘন্টালৈকে কোনেও তেওঁৰ কথা শুনা নাছিল।

উৰিষ্যাৰ চৰকাৰী কৰ্মচাৰীৰ ওচৰলৈ গ’লে পুলিচৰ ওচৰলৈ যাবলৈ কোৱা হয়। পুলিচৰ ওচৰলৈ গ’লে কোৱা হয়, “ৰেলৱে পুলিচৰ ওচৰলৈ যাওক”। ৰেলৱে আৰক্ষীৰ ওচৰলৈ  গ’লে স্থানীয় থানালৈ প্ৰেৰণ কৰা হয়। এইদৰে মৃত ৰে’ল কৰ্মীজনৰ আত্মীয়জনক দুৱাৰে দুৱাৰে কাৰ্যতঃ হাৰাশাস্তি কৰা হয়।

সুমিতে কয় যে কোনো চৰকাৰী বিষয়াই এই দুৰ্ঘটনাত মৃত্যু হোৱা কোনো ব্যক্তিৰ পৰিয়ালৰ ওচৰলৈ যোৱা নাছিল। আনকি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো প্ৰদান কৰা হোৱা নাছিল সুমিতৰ দৰে বহুতো আত্মীয়ক।

সুমিতক ৰালেশ্বৰ ৰেল কৰ্তৃপক্ষই মাত্ৰ এখন শ্বেতপত্ৰ প্ৰদান কৰিছিল। য’ত মাত্ৰ লিখা আছিল – এই মৃতদেহটো আপোনাৰ, আপুনি মৃতদেহটো লৈ যাব পাৰে।

সুমিতে কয় যে তেওঁ উৰিষ্যাত  চৰকাৰৰ পৰা কোনো সহায় নাপালে। সুমিতে নিজেই ১৫ হাজাৰ টকাত এখন এম্বুলেন্স ভাড়াত লৈ আত্মীয়ৰ মৃতদেহ কলকাতালৈ আনিব লগা হৈছিল। 

সুমিতৰ কথাৰ পৰাই গ’ম পোৱা যায় যে আচলতে উৰিষ্যাত মৃত ব্যক্তি সকলৰ আত্মীয় সকলৰ কি ধৰণৰ হাৰাশাস্তি হৈছে। সুমিতে মুখ খোলাৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াত সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd