• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৈৱৰ দুৰ্বিপাক! জৰুৰী পৰিস্থিতিৰ অচিলাৰে কাৰ্যালয়ৰ পৰা লৈছিল ছুটী, টেলিভিচনত লাইভত দেখিল বচে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 10:44 am
Woman Bunks Office
34.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ ক্ৰিকেটানুৰাগীৰ মাজত এতিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জ্বৰ। যিসকলৰ বাবে সম্ভৱ হৈছে, তেওঁলোকে ষ্টেডিয়ামত বহি আৰু ষ্টেডিয়ামলৈ যাব নোৱাৰাসকলে  ক্ৰিকেট অনুৰাগীসকলে টেলিভিছনৰ পৰ্দাতে উপভোগ কৰিছে প্ৰিয় দল, প্ৰিয় তাৰকাৰ খেল।

অৱশ্যে প্ৰিয় তাৰকাগৰাকীক ষ্টেডিয়ামৰ গেলাৰীত বহি চোৱাৰ মাদকতাই সুকীয়া। এই মাদকতা লভিবলৈ গৈয়েই এতিয়া চৰ্চাৰ মাধ্যম হৈ পৰিছে কৰ্ণাটকৰ এগৰাকী মহিলা। শেহতীয়াকৈ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ অনুৰাগী মহিলাগৰাকী অনন্য কৌশলেৰে খেল চাবলৈ গৈছিল ষ্টেডিয়ামলৈ।

ষ্টেডিয়ামত বহি খেল চোৱাৰ মানসেৰে তেওঁ অৱলম্বন কৰিছিল এক বিশেষ পন্থা। কাৰ্যালয়ৰ বচৰ আগত জৰুৰী পৰিস্থিতিৰ দোহাই দি মহিলাগৰাকী আগতীয়াকৈ ওলাই গৈছিল কৰ্মৰত কাৰ্যালয়ৰ পৰা। পিছে তেওঁৰ ভাগ্য যেন সুপ্ৰসন্ন নাছিল।

ষ্টেডিয়ামত সংগীৰ সৈতে বহি খেল উপভোগ কৰি থকা মহিলাগৰাকীক টেলিভিচনৰ স্ক্ৰীণত লাইভ সম্প্ৰচাৰত দেখা পালে তেওঁৰ কাৰ্যালয়ৰ বচে। ইনষ্টাগ্ৰামত এক ভিডিঅ’ শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে এই ঘটনাৰ কথা।  

তেওঁ উল্লেখ কৰা মতে বচে কেই চেকেণ্ডমানৰ বাবে টিভিৰ পৰ্দাত দেখা পাই চিনিব পাৰে আৰু তেওঁৰ সৈতে যোগাযোগ কৰি ষ্টেডিয়ামত থকাৰ বিষয়ে নিশ্চিত কৰে। অৱশ্যে কৰ্মচাৰী মহিলাগৰাকীৰ সৈতে কাৰ্যালয়ৰ বচজনে ধেমালিও কৰে।

টেলিভিচনৰ পৰ্দাত মহিলাগৰাকীৰ মুখত চিন্তিত অভিব্যক্তি দেখি তেওঁ যে হতাশ হৈ আছে, সেয়া বচজনে ধৰিব পাৰে। কাৰ্যালয়ৰ পৰা আগতীয়াকৈ যোৱাৰ কাৰণো যে খেল চোৱাৰ পৰিকল্পনাই আছিল, সেই বিষয়েও ধেমালি কৰে বচে।

এই ভিষ্যে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে কেপচনত লিখিছে, “দিনে দিনে ময়ে ময়ে সঁচা হৈ আহিছে।” ভিডিঅ’টো ইনষ্ট্ৰাগ্ৰামত প্ৰচাৰিত হোৱাৰ পিছৰে পৰা নেটিজেনৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছে। নানা ধৰণৰ হাস্যমধুৰ মন্তব্যৰে কমেণ্ট বক্সত জোৱাৰ তুলিছে নেটিজেনে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd