এটি দুটি নহয়, ছয়টাকৈ সন্তান জন্ম দিলে এইগৰাকী মহিলাই; দেখি চকু কপালত উঠিল চিকিৎসকৰ

NEWBORN new

প্ৰতিনিধিত্বমূলক ফটো

সাধাৰণতে আপুনি হয়তো প্ৰসূতিয়ে যমজ সন্তান জন্ম দিয়াৰ কথা শুনি থাকে। কিন্তু এইবাৰ এগৰাকী মহিলাই একে সময়তে এটি, দুটি নহয়, ছয়টাকৈ সন্তান জন্ম দিয়াৰ ঘটনা ঘটিছে।

এই ঘটনা মধ্য প্ৰদেশৰ য’ত মহিলাগৰাকীয়ে হাস্পাতলত একে সময়তে ছয়টাকৈ সন্তান জন্ম দিয়ে।

মধ্য প্ৰদেশৰ শ্বোপুৰ জিলাৰ চৰকাৰী হাস্পাতলত গৰ্ভৱতী মূৰ্তি বাইক প্ৰসৱৰ কাৰণে ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসকে সেই সময়ত মহিলাগৰাকীৰ গৰ্ভত একেলগে ছয়টা সন্তানৰ উপস্থিতি দেখি আশ্চৰ্যচকিত হৈ পৰে। চিকিৎসকৰ প্ৰচেষ্টা মহিলাগৰাকীয়ে ছয়টা সনন্তানৰ জন্ম দিয়ে।

অৱশ্যে জন্ম দিয়া শিশুকেইটাৰ ওজন সাধাৰণ নৱজাতকতকৈ বহুত কম আছিল আৰু দুটি শিশু জন্ম হোৱাৰ পাছতেই মৃত্যুমুখত পৰে।

বাকী ৪টি নৱজাতকক বিশেষ আইচিয়্যুত ভৰ্তি কৰোৱা হৈছে আৰু চিকিৎসকে তদাৰক কৰি আছে।

এটি এটিকৈ মহিলাগৰাকীয়ে ছয়টা শিশু জন্ম দিয়াৰ ঘটনা প্ৰত্যক্ষ কৰি চিকিৎসকৰ লগতে হাস্পাতলখনৰ আন কৰ্মচাৰীসকলো হতবাক হৈ পৰে। তেওঁলোকে এইটো আটাইতকৈ বিৰল ঘটনা হিচাপে অভিহিত কৰে।

ইপিনে, হাস্পাতল প্ৰশাসনে যেতিয়া প্ৰসূতিৰ আত্মীয়সকলক ছয়টা শিশুৰ জন্ম দিয়াৰ খৱৰ দিয়ে তেওঁলোকে এই কথা স্বীকাৰ কৰিবলৈ অগ্ৰাহ্য কৰে আৰু নিজৰ যুক্তি দাঙি ধৰে।

আনহাতে, হাস্পাতলত ছয়টাকৈ সন্তান জন্ম দিয়াৰ খৱৰে গোটেই জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰে। চিকিৎসকে বাকী জীৱিত চাৰিটা নৱজাতকৰ পৰিচৰ্যাত ব্যস্ত হৈ আছে।