NORTHEAST NOW (Assamese)

গৰ্ভাৱস্থাতে সুঁচৰিল মহামাৰী! ক’ভিড পজিটিভ হৈ জন্ম ল’লে এটি শিশুৱে, ক’ত?

April 16, 2021 12:41 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

এটা সদ্যজাত সন্তানৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে।

হাৰিয়ানাৰ আয়ুস্মান ভৱ হস্পিতালত বৃহস্পতিবাৰে জন্মলাভ কৰা শিশুটিৰ মাতৃ গৰ্ভাৱস্থাৰ কালত ক’ভিড পজিটিভ হৈছিল।

সেইবাবেই তেওঁৰ সন্তানো পজিটিভ হৈ জন্মলাভ কৰিছে।

অভিযোগমতে, শিশুটিৰ মাতৃ ক’ভিড পজিটিভ হোৱাৰ পাছতো বহুকেইখন ব্যক্তিগত চিকিৎসালয়ে তেওঁক ভৰ্তি কৰাবলৈ অমান্তি হৈছিল।

তদুপৰি, মাতৃৰ পূৰ্বে শিশুটিৰ দেউতাকো ক’ভিড পজিটিভ হৈছিল।

ক’ভিড পজিটিভ হ’লেও শিশুটি সুস্থ অৱস্থাতে আছে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে।

এক সংবাদমাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি, এজন চিকিৎসকে কয় যে মাতৃৰ পৰা গৰ্ভাৱস্থাতে সন্তানলৈ মহামাৰীবিধ সোঁচৰাৰ ক্ষেত্ৰত ৰাজ্যখনত এইটোৱে প্ৰথম ঘটনা।

Related News