শদিয়াত গৰ্ভপাতৰ বাবে অহা মহিলাৰ ৰখীয়াৰ ‘গাত হাত’ চিকিৎসকৰ, উত্তপ্ত চিকিৎসালয়

শদিয়া মহকুমা চিকিৎসালয়ৰ বৃহস্পতিবাৰৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

শদিয়া মহকুমা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা০ ৰবীন দলেৰ বিৰুদ্ধে এগৰাকী প্ৰসূতিৰ আত্মীয় মহিলাক অশ্লীল গালি-গালাজ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে। ঘটনাটোৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তপ্ত কৰি তোলে আছুকে ধৰি বিভিন্ন সংগঠনে।

মহিলাগৰাকীয়ে বৃহস্পতিবাৰেই শদিয়া থানাত এজাহাৰ দাখিল কৰিছিল৷ আৰক্ষীৰ সূত্ৰ মতে এটা দল ডাঃ দলেক গ্ৰেপ্তাৰৰ বাবে গৈছিল যদিও ডাঃ দলে পলাতক হৈ আছে৷

কিন্ত মহিলাৰ ওপৰত হাত উঠোৱা দলেক এটা দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আছুকে ধৰি দল-সংগঠনে চিকিৎসালয় ঘেৰাও কৰি দলেক ২৪ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি শদিয়াৰ পৰা বদলিৰ দাবী জনাইছে৷

অভিযোগ মতে  বুধবাৰে  এগৰাকী মহিলাই গৰ্ভপাত কৰিবলৈ চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডা০ অমৰজ্যোতি শইকীয়াৰ ওচৰলৈ আহিছিল আৰু প্ৰসূতিগৰাকীৰ পৰিচৰ্য্যা কৰিবৰ বাবে মাইনা সোণাৰ নামৰ এগৰাকী মহিলাও লগত আহিছিল৷

ডা০ শইকীয়াই প্ৰসূতিগৰাকীৰ নাম পঞ্জীয়ন কৰি প্ৰসূতি কোঠাত প্ৰৱেশ কৰাৰ সময়তে অভিযুক্ত ডাঃ ৰবীন দলে আহি প্ৰসূতিগৰাকীক গালি-গালাজ কৰাৰ লগতে লগত অহা আত্মীয়গৰাকীক প্ৰচণ্ড চৰ মাৰে৷

মহিলাকেইগৰাকীয়ে জনোৱা মতে ডা০ শইকীয়া নহয়, দলেইহে চোৱাৰ কথা আছিল গৰ্ভৱতীগৰাকীক আৰু সেয়ে খৰ্গহস্ত হৈ পৰে চিকিৎসকজন।

অভিযুক্ত চিকিৎসকজনে এমাহৰ আগতেও আন এগৰাকী প্ৰসূতিৰ গিৰীয়েকক অপদস্থ কৰাৰ লগতে ঘটনাৰ বুজ ল’বলৈ অহা আছু কৰ্মীক দুৰ্ব্যৱ্হাৰ কৰিছিল৷

ইয়াৰ উপৰিও ডাঃ দলেই চিকিৎসালয়ৰ কৰ্মীক মানসিক নিৰ্যাতন চলোৱাৰো নানা অভিযোগ উঠি আহিছে বুলি জানিব পৰা গৈছে।