NORTHEAST NOW (Assamese)

হস্তক্ষেপ কৰিব নোৱাৰিব, শাহুৰেকৰ ঘৰত বোৱাৰীৰ আছে সম্পূৰ্ণ আইনী অধিকাৰ: উচ্চ ন্যায়ালয়

April 15, 2023 10:18 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 15, 2023 10:36 am
প্ৰতিনিধিত্বমূলক ফ'টো

বিয়া হৈয়ে শাহুৰেকৰ ঘৰত প্ৰৱেশ কৰা আৰু থকাটো এগৰাকী মহিলাৰ আইনী অধিকাৰৰ ভিতৰত পৰে আৰু ইয়াক উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ মহিলাগৰাকীৰ আছে। এই মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে।

দিল্লী ন্যায়ালয়ৰ ন্যায়াধীশ অনিশ দয়ালৰ একক বিচাৰপীঠে শাহুৰেকে এগৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ খাৰিজ কৰি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। ন্যায়ালয়ে গোচৰটো পৰ্যবেক্ষণ কৰিলত দেখা গ’ল যে মহিলাগৰাকীক স্বামী আৰু শাহুৰেকে নিৰ্যাতন কৰি আহিছিল। কিন্তু স্বামী আৰু শাহুৰেকে মহিলাগকাৰীৰ বিৰুদ্ধে ঘৰৰ শান্তি বিঘ্নিত কৰাৰ লগতে ক্ষতিসাধন কৰাৰ প্ৰতি অভিযোগ আনিছিল।

সূত্ৰ অনুসৰি ২০২১ চনত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। বিবাহৰ পাছতে যৌতুক বিচাৰি স্বামী আৰু শাহুৰেকে মহিলাগৰাকীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰাই মহিলাগৰাকীয়ে শাহুৰেকৰ গৃহ ত্যাগ কৰি নিজ পিতৃৰ গৃহত থাকিবলৈ লয়।

২০২২ চনত এই অভিযোগৰ ভিত্তিত এগৰাকী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটে মহিলাগৰাকীক সুৰক্ষাৰ নিৰ্দেশ দি কয় যে তেওঁক উপযুক্ত আইনী পদ্ধতি অনুসৰণ নকৰাকৈ শাহুৰেকৰ ঘৰৰ পৰা উলিয়াই দিব নোৱাৰি।

কিন্তু ইয়াৰ পিছতো মহিলাগৰাকীক শাহুৰেকৰ ঘৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা বুলি অভিযোগ উঠে। শাহুৰেকৰ ঘৰত মহিলাগৰাকীক প্ৰৱেশ কৰিবলৈ দিলেও অতিৰিক্ত অধিবেশন ন্যায়াধীশৰ আদালতত আইনী সুৰক্ষাৰ আদেশ বাহাল থাকিল। ইয়াৰ পিছতে শাহুৰেকে মহিলাগৰাকীৰ বিৰুদ্ধে অনাধিকাৰ প্ৰৱেশ আৰু চুৰিৰ অভিযোগত এফআইআৰ দাখিল কৰে।

ন্যায়াধীশ দয়ালে কয় যে এই এফআইআৰৰ উদ্দেশ্য আছিল নিৰাপত্তাৰক্ষীক ব্যৱহাৰ কৰি মহিলাগৰাকীক শাহুৰেকৰ ঘৰত প্ৰৱেশ কৰাত বাধা দিয়া। এই এজাহাৰখন খাৰিজ কৰিবলৈ অনুৰোধ জনাই ন্যালায়লৰ কাষ চাপিছিল মহিলাগৰাকীয়ে। ন্যায়ালয়ে গোচৰটো পৰ্যবেক্ষণ কৰি কয় যে মহিলাগৰাকীৰ শাহুৰেকৰ ঘৰৰ যৌথ-সম্পত্তিত ‘অবিচ্ছেদ্য অধিকাৰ’ আছে আৰু মহিলাগৰাকীয়ে আইনী সুৰক্ষা লাভ কৰিব।

Related News