NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা : ৫ বছৰীয়া এটি নিস্পাপ শিশুক হত্যা এগৰাকী মহিলাৰ

October 18, 2024 5:56 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা।

খবৰ অনুসৰি এটি ৫ বছৰীয়া শিশুক হত্যা কৰিছে এগৰাকী মহিলাই।

জানিব পৰা মতে, শিশুটিৰ প্ৰাণ লোৱা মহিলাগৰাকীৰ নাম সুপ্ৰিয়া ভট্টাচাৰ্য।

বৃহস্পতি বাৰে শিশুটিক হত্যা কৰাৰ অভিযোগত মহিলাগৰাকীক মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে, হত্যাৰ বলি হোৱা শিশুটিৰ নাম অভিমন্যু চক্ৰৱৰ্তী।

যোৱা সপ্তাহত দুৰ্গা পূজাৰ সময়ত শিশুটি নিৰুদ্দেশ হৈছিল। ঘটনাৰ পিছতে অভিভাৱকসকলে আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে।

কিন্তু সোমবাৰে বুৰিডিহিং নদীৰ পাৰৰ সমীপত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয় যিটো পিছত অভিমন্যু বুলি চিনাক্ত কৰা হয়।

তদন্তৰ অন্তত মহিলাগৰাকীক এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News