NORTHEAST NOW (Assamese)

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

August 10, 2022 7:26 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 10, 2022 10:24 am

কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাঁও অঞ্চলত মঙ্গলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অঞ্চলটোৰ এগৰাকী মহিলাই তেওঁৰ শাহু আৰু ঘৰৰ বনকৰা কৰ্মীগৰাকীৰ মাকক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ছয়গাঁৱৰ বামুনীগাঁও অঞ্চলত এই হত্যাকাণ্ড সংঘটিত হৈছে। অভিযোগ অনুসৰি দুগৰাকীকৈ ব্যক্তিক হত্যা কৰাৰ পিছত পৰিয়ালৰ আন সদস্যসকলকো একে অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে।

এই জঘন্য আক্ৰমণত দুইগৰাকী মৃত মহিলাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীয়ে পাৰিবাৰিক বিবাদৰ পৰিণতিত এই কাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও বৰ্তমানপৰ্যন্ত এই কথা আনুষ্ঠানিকভাৱে উল্লেখ কৰা নাই।

হত্যাকাণ্ড সংঘটিত কৰা মহিলাগৰাকীক উত্তৰা বড়ো বুলি চিনাক্ত কৰা হৈছে। আনহাতে দুই মৃত মহিলাক সুশীলা বড়ো (শাহু) আৰু প্ৰতিভা ৰাভা বুলি চিনাক্ত কৰা হৈছে।

আক্ৰমণত প্ৰতিভা ৰাভাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত সুশীলাৰ মৃত্যু হয়।

ইফালে দুগৰাকীকৈ মহিলাক হত্যা কৰাৰ পিছত উত্তৰাই হত্যাত ব্যৱহৃত অস্ত্ৰবিধ পুখুৰীত পেলাই পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু স্থানীয় ৰাইজে তেওঁক আটক কৰি পিছত আৰক্ষীৰ হাতত গতাই দিয়ে।

ইতিমধ্যে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ প্ৰকৃত কাৰণ শীঘ্ৰেই পোহৰলৈ আহিব বুলি জানিবলৈ দিছে।

 

 

 

 

 

 

 

 

Related News