মানুহ নহয়, কেক কাটি ৰাস্তাৰ জন্মদিন পালন কৰিলে এগৰাকী মহিলাই! ক’ত, কিয়?

মানুহ বা পোহনীয়া কুকুৰ-মেকুৰী নহয়, এটা ৰাস্তাৰ জন্মদিন পালন কৰিলে এগৰাকী মহিলাই!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাটালী নাকুইন হাৰ্ভে নামৰ মহিলাগৰাকীয়ে দিয়া ফেচবুক প’ষ্ট এটাত এই কথা সদৰী কৰিছে।

জন্মদিন পালনৰ ছৱিও তেওঁ প’ষ্টটোৰ স’তে সংলগ্ন কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানা প্ৰদেশৰ ৰাজধানী চহৰ নিউ অৰ্লিয়েন্সৰ লেকভিউ অঞ্চলত বাস কৰা মহিলাগৰাকীৰ ঘৰৰ আগফালৰ ৰাস্তাটো জৰাজীৰ্ণ।

প’ষ্টটোত মহিলাগৰাকীয়ে জনোৱামতে, প্ৰায় এবছৰ পূৰ্বে ৰাস্তাটো ফাটিবলৈ আৰম্ভ কৰে।

Happy first birthday to our street construction! It was one year ago this week when they first began to rip up our…

Posted by Natalie Naquin Harvey on Tuesday, 16 March 2021

 

এবছৰ পাছত ৰাস্থাটোৰে যাতায়ত কৰিবলৈ অসম্ভৱ হৈ পৰে।

যোৱা সপ্তাহত ৰাস্তাটোত প্ৰায় ৬ ফুট এটা গাঁত হয়।

সোতৰ মাৰ্চত ৰাস্তাটো জৰাজীৰ্ণ হোৱাৰ এবছৰ পূৰ্ণ হয়।

সেই উপলক্ষে, ইয়াক উদযাপন কৰিবৰ বাবে মহিলাগৰাকীয়ে ৰাস্তাটোৰ আকাৰত এটা কে’ক প্ৰস্তুত কৰে।

কে’কটোত ভগ্ন পথটোত বুলডজাৰ, ডিভাইডাৰ, পথাচাৰীকো সাজি উলিওৱা হয়।

ফেচবুকত প’ষ্টটো দিয়াৰ পাছতে হেজাৰ হেজাৰ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

মূলতঃ পৌৰ নিগম কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰি ৰাস্তাটো নিৰ্মাণ কৰাৰ দাবীতে মহিলাগৰাকীয়ে এই অভিনৱ প্ৰতিবাদ সাব্যষ্ট কৰিছে।

বহু লোকে ইয়াক ‘অসাধাৰণ চিন্তা’ হিচাপে অভিহিত কৰিছে।