অচিনাকি সম্পৰ্ক! মাতৃ হ’ব বিচাৰি ছ’চিয়েল মিডিয়াত সন্তানৰ ‘পিতৃ’ৰ সন্ধান যুৱতীৰ; তাৰ পিছত…

প্রতিনিধিত্বমূলক ফটো।

সন্তান জন্ম দিব বিচাৰে যুৱতীগৰাকীয়ে। ইপিনে বাস্তৱত তেওঁৰ কোনো সংগী নাই। শুক্ৰাণু বেংকৰ ওপৰতো বিশ্বাস নাই। সেয়ে যুৱতীগৰাকীয়ে নিজেই সন্তানৰ পিতৃ কোন হ’ব তাৰ সন্ধানত নামিল। ভৰসা ছ’চিয়েল মিডিয়াত। সন্তান গৰ্ভধাৰণৰ বাবে শুক্ৰাণু বিচৰা বুলি ছ’চিয়েল মিডিয়াত মুকলিকৈ সন্ধান চলালে কানাডাৰ এই যুৱতীগৰাকীয়ে।

ছাৰা মংগাট নামৰ যুৱতীগৰাকীৰ বয়স ৩৪ বছৰ। তেওঁ ভাবিছিল যে এই বয়সত তেওঁ মাতৃ হ’বই পাৰে। অকলশৰীয়া নাথাকিবলৈ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ বাবে তেওঁ কোনো পুৰুষৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাছিল। তেওঁ জীৱনটো পুৰুষ সংগীৰে নহয়, সন্তানেৰে ভৰাই তুলিব বিচাৰিছিল।

লগতে পঢ়ক: নতুন ফিচাৰ মুকলি! পাছৱৰ্ড মনত ৰখাৰ চিন্তা আঁতৰিল; গুগলে লৈ আহিছে ‘পাছ-কী’

কিন্তু প্ৰেমিকৰ পৰা সন্তান জন্ম দিয়াৰ কথা নাভাবিলেও সম্পূৰ্ণ অচিনাকি মানুহৰ সন্তান ধাৰণ কৰিব, এই বিষয়তো বৰ আশ্বস্ত হ’ব পৰা নাছিল যুৱতীগৰাকী। যদি  দান বেংকৰ পৰা শুক্ৰাণু লোৱা হয়, তেন্তে শিশুটিৰ পিতৃত্ব জানিবলৈ কোনো উপায় নাথাকিব, অন্ততঃ শিশুটিৰ বয়স ১৮ বছৰ হোৱালৈকে।

সন্তানৰ সৈতে ছাৰা মংগট। ফটো: সংগ্ৰহীত।

পিচে, যুৱতীগৰাকীয়ে অনুভৱ কৰে যে তেওঁৰ সন্তানৰ পিতৃ কোন সেইটো জানিবলৈ তেওঁৰ অধিকাৰ আছে। গতিকে শুক্ৰাণু বেংকৰ পৰা সহায় বিচৰাৰ পৰিৱৰ্তে তেওঁ আন এটা পথ লোৱাৰ সিদ্ধান্ত ল’লে। তেনেকৈয়ে ছ’চিয়েল মিডিয়াৰ কাষ চাপিল যুৱতীগৰাকী।

অৱশ্যে ছ’চিয়েল মিডিয়াত তেওঁৰ সন্ধান বৃথা নহ’ল। কেইবাজনো পুৰুষক পৰীক্ষা কৰাৰ পিছত যুৱতীগৰাকীয়ে এজনক পছন্দ হ’ল। ব্যক্তিজনে যৌন সংক্ৰামক ৰোগ আৰু জিনৰ যাৱতীয় পৰীক্ষা কৰিবলৈও সন্মতি প্ৰকাশ কৰে।

লগতে পঢ়ক: World Record: এটা অভাৰত ৪৬ ৰাণ! টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ

যুৱতীগৰাকীয়েও কয় যে দুয়োৰে মাজত একধৰণৰ বন্ধুত্বও গঢ় লৈ উঠিছিল। আনকি গৰ্ভাৱস্থাতো ব্যক্তিজনে তেওঁৰ যত্ন লৈছিল। শেষত যুৱতীগৰাকীয়ে সেই পুৰুষৰ শুক্ৰাণুৰে যমজ সন্তানৰ জন্ম দিলে। দুটি সন্তানক লৈ সুখী নতুন মাতৃ।