অভয়াপুৰীত চাঞ্চল্য: ৰহস্যজনকভাবে সন্ধানহীন মাতৃ-পুত্ৰ  

কোনো লোকে সন্ধান পালে জনোৱাৰ আহ্বান আৰক্ষীৰ

nn

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত দুৰ্গাপুৰ গাঁৱৰ লক্ষী ৰাজবংশী(২২) আৰু তেওঁৰ পুত্ৰ জীৎ মণ্ডল (৪) যোৱা ২৭ জুনৰ পৰা নিজ ঘৰৰ পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ আছে ৷

মহিলাগৰাকী উক্ত গাঁৱৰ ৰঞ্জিত ৰাজবংশীৰ কন্যা।

মহিলাগৰাকীৰ উচ্চতা ৪ ফুট ৬ ইঞ্চি আৰু দেখিবলৈ ধুনীয়া।

সন্ধানহীন হোৱাৰ সময়ত লক্ষী ৰাজবংশী নীলা ৰঙৰ চেলোৱাৰ পৰিধান কৰি আছিল।

আনহাতে. পুত্ৰৰ উচ্চতা প্ৰায় ২ ফুট ৬ ইঞ্চি ৷

কোনোলোকে মহিলাগৰাকীৰ লগতে তেওঁৰ দুবছৰীয়া সন্তানটিৰ যদি কোনো সন্ধান পায় তেতিয়াহ’লে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সহায়ক কক্ষৰ ৯৪৩৫৭৩৬১১১ নাইবা  ০৩৬৬৪-২৩০৮৯৮ ফোন নম্বৰত জনাবলৈ অনুৰোধ জনাইছে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে।

মহিলাগৰাকীৰ লগতে তেওঁৰ কণমানি সন্তানটি কোনো দুষ্ট চক্ৰৰ কৱলত পৰিব পাৰে বুলি বহুতে সন্দেহ ব্যক্ত কৰিছে।