পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ মহিলাৰ বাইক ৰেলী

মঙলবাৰে ডিব্ৰুগড়ত পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ এটা মহিলা বাইক ৰেলীৰ আয়োজন কৰা হয়।

ডিব্ৰুগড়ৰ জিলা পথ সুৰক্ষা সমিতিৰ দ্বাৰা ৩২ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহটো ১৮ জানুৱাৰিৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈ আয়োজন কৰা হৈছে।

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয়ে মুকলি কৰা এই ৰেলীটো মানকোটা চাহ বাগানৰ পৰা আৰম্ভ হৈ সেউজপুৰৰ তিৰুপটি মন্দাপ্পমত অন্ত পৰে।

এই উপলক্ষে বিধায়ক ফুকনে কয় যে এনেধৰণৰ সজাগতা অভিযানে মানুহক যান-বাহন নিয়ম পালন কৰাৰ গুৰুত্বৰ বিষয়ে জনাত সহায় কৰিব।

‘আমি আশা কৰো আজিৰ এই মহিলা বাইক ৰেলীটোৰ জৰিয়তে ট্ৰেফিক নিয়ম কঠোৰভাৱে অনুসৰণ কৰাৰ ক্ষেত্ৰত সমাজলৈ এটা বাৰ্তা যাব,’ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই এই মন্তব্য কৰে।

‘ভাৰতত এবছৰত পথ দুৰ্ঘটনাত ১.৫০ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱায় আৰু প্ৰায় ৪ লাখ লোক আহত হয়। আমি মানুহক তেওঁলোকৰ নিজৰ সুৰক্ষাৰ লগতে আনৰ সুৰক্ষাৰ বাবে ট্ৰেফিক নিয়ম অনুসৰণ কৰিবলৈ আবেদন জনাইছো’, জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাই কয়।

এই কাৰ্যসূচীত বিধায়ক ফুকন, আৰক্ষী অধীক্ষক বিজয়ৰ উপৰি জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজাৰিকা, ৰাজীৱ শইকীয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ডিব্ৰুগড় সদৰ আৰক্ষী থানা, মটৰ বাহন পৰিদৰ্শক, ট্ৰেফিক পৰিদৰ্শক দীপজ্যোতি দাধাৰা আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে।