হোটেলৰ কোঠালৈ মাতি দুই মহিলা ফুটবলাৰৰ ওপৰত যৌন নিৰ্যাতন AIFF ৰ বিষয়া দীপক শৰ্মাৰ

মল্লযুঁজাৰুৰ বিতৰ্ক এতিয়াও শেষ হোৱা নাই। ইয়াৰ পিছতেই আকৌ উত্থাপিত হৈছে আন এক গুৰুতৰ অভিযোগ। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য দীপক শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। 

এই অভিযোগ উত্থাপন কৰিছে দুগৰাকী মহিলা ফুটবলাৰ। তেওঁলোকে অভিযোগ কৰে যে গোৱাত অনুষ্ঠিত ইণ্ডিয়ান উইমেনছ লীগ ২ ৰ সময়ত দীপক শৰ্মাই তেওঁলোকক হোটেলৰ কোঠালৈ মাতি আনি যৌন নিৰ্যাতন চলাইছিল। শুকুৰবাৰে এআইএফএফক অভিযোগ দাখিল কৰিছে ফুটবলাৰ দুগৰাকীয়ে।

হিমাচল প্ৰদেশৰ ফুটবল ক্লাৱৰ সদস্য মহিলা ফুটবলা দুগৰাকীয়ে জনোৱা মতে এই ঘটনা বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যজনে তেওঁলোকৰ সন্মুখত মদ্যপান কৰিছিল আৰু যৌন নিৰ্যাতন চলাইছিল। প্ৰথমে ফুটবলাৰসকলে কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু কিছু সময়ৰ পাছত যেতিয়া ফুটবলাৰ দুগৰাকীয়ে হোটেলৰ পাকঘৰত খাদ্য প্ৰস্তুত কৰি আছিল, তেতিয়া দীপক শৰ্মাই তেওঁলোকক নিজৰ কোঠালৈ মাতিছিল। তাত তেওঁলোকক যৌন নিৰ্যাতন চলোৱা হৈছিল। 

উল্লেখ্য যে অভিযুক্ত দীপক শৰ্মা এআইএফএফৰ সদস্য তথা হিমাচল প্ৰদেশ ফুটবল সন্থাৰ সাধাৰণ সম্পাদক।

অভিযোগ অনুসৰি জিএফএ আৰু এআইএফএফক অভিযোগ দিয়াৰ পিছত অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল ভুক্তভোগী মহিলা দুগৰাকীক।

ইফালে জিএফএৰ উপ-সভাপতি জনাথন ডিছৌজাই কয় যে অভিযোগ লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ পিছত প্ৰতিবেদন প্ৰস্তুত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে এআইএফএফলৈ প্ৰেৰণ কৰা হ’ব।