শিৱসাগৰত ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ

ছাত্ৰীক ফোনত অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকৰ শাস্তিৰ দাবীত শিৱসাগৰ জিলাৰ হাঁহচৰা নগা গাঁৱৰ শতাধিক মহিলাই আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিৱসাগৰ হাঁহচৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষক বিভূতি মহন্তই নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ফোনত অশ্লীল কথা কৈ হাৰাশাস্তি দি আহিছিল।

ভুক্তভোগী ছাত্ৰী গৰাকীয়ে মোবাইলত সমস্ত কথা বতৰা ৰেকৰ্ডিং কৰি ৰাখি পিছত পৰিয়ালৰ লোকক ৰেকৰ্ডিংসহ শিক্ষকজনে তেওঁৰ ওপৰত চলাই অহা নিৰ্যাতনৰ কথা অৱগত কৰে।

আনহাতে শিক্ষকজনৰ উক্ত কাণ্ড জানিব পাৰি ছাত্ৰীগৰাকীক নিজৰ ঘৰত ৰাখি পঢ়া শুনা কৰোৱা শিৱ কন্যাক নামৰ লোকজনে বিভূতি মহন্তক তেওঁৰ ঘৰৰ পৰা মাতি আনি প্ৰশ্ন কৰাৰ লগতে অডিঅ’টো শুনোৱাত তেওঁ ইয়াক মিছা বুলি কোৱাৰ লগতে শিৱ কন্যাকৰ সৈতে হতাহতি লাগে।

ফলত তাত উপস্থিত থকা স্থানীয় লোকে লপা-থপা দি শিক্ষক মহন্তক চেৰেকাপাৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে আহত বিভূতি মহন্তক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰে।

কিন্তু ঘটনাৰ ২০ দিন পাৰ হোৱাৰ পাছতো আজি পৰ্যন্ত শিক্ষক মহন্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে আচামীক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উঠিছে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে। ৰাইজৰ অভিযোগ আৰক্ষীৰ সহায়ত বিভূতি মহন্তক মেডিকেল কলেজৰ পৰা এখন ব্যক্তিগত চিকিৎসালয়লৈ হস্তান্তৰ কৰা হৈছে।

আজিৰ প্ৰতিবাদকাৰী মহিলাসকলে আৰক্ষীয়ে অসুস্থতাৰ নাটক ৰচি অভিযুক্তক গ্ৰেপ্তাৰ নকৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰাই থৈ জামিন লাভৰ বাবে সুবিধা কৰি দিয়া অভিযোগ আনে।

তেওঁলোকে ছাত্ৰী গৰাকীক ন্যায় প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে শিক্ষক বিভূতি মহন্তক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ বাবে আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে।