আপুনি জানে নে যে পুৰুষৰ তুলনাত মহিলাৰ গড় আয়ুস বেছি? বিভিন্ন জৈৱিক, সামাজিক আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণৰ বাবে পুৰুষতকৈ মহিলাৰ আয়ুস দীৰ্ঘ।
১. জৈৱিক কাৰক:
ক) পুৰুষতকৈ মহিলাৰ শৰীৰত ইষ্ট্ৰজেন বেছি থাকে, যিয়ে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে। ইষ্ট্ৰজেনে তেজৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰাত ভূমিকা পালন কৰে।
খ) মহিলাৰ দুটা X ক্ৰম’জম (XX), আনহাতে পুৰুষৰ এটা X আৰু এটা Y ক্ৰম’জম (XY)। দুটা এক্স ক্ৰম’জম থকাৰ অৰ্থ হ’ল মহিলাসকলৰ জিনীয় বিসংগতি শুধৰোৱাৰ সম্ভাৱনা বেছি, যাৰ ফলত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
গ) মহিলাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাধাৰণতে পুৰুষতকৈ শক্তিশালী হয়। ইয়াৰ ফলত সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ইহঁতে সুবিধা লাভ কৰে।
২. জীৱনশৈলীৰ পাৰ্থক্য:
ক) পুৰুষ সাধাৰণতে বিপদজনক কাম-কাজ (যেনে ধূমপান, মদ্যপান, দ্ৰুতবেগ)ৰ সৈতে অধিক জড়িত হয়, যাৰ ফলত দুৰ্ঘটনা আৰু অকাল মৃত্যু হ’ব পাৰে।
খ) মহিলাসকল সাধাৰণতে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন। প্ৰজনন স্বাস্থ্য আৰু অন্যান্য বিষয়ৰ বাবে নিয়মিতভাৱে চিকিৎসকৰ ওচৰলৈ যায়, যিটো ৰোগ আগতীয়াকৈ ধৰা পেলোৱাত সহায়ক হয়।
গ) পুৰুষ প্ৰায়ে শাৰীৰিকভাৱে বিপদজনক বা মানসিক চাপৰ বৃত্তি লগত জড়িত থাকে, যাৰ ফলত তেওঁলোকৰ আয়ুস হ্ৰাস পাব পাৰে।
৩. সামাজিক আৰু সাংস্কৃতিক কাৰক:
ক) সামাজিকভাৱে পুৰুষে পৰিয়ালৰ আৰ্থিক দায়িত্ব কান্ধত লোৱাৰ সম্ভাৱনা বেছি, যাৰ ফলত তেওঁলোকৰ আৱেগিক মানসিক চাপ বৃদ্ধি পায়। দীৰ্ঘদিনীয়া আৱেগিক চাপৰ ফলত হৃদৰোগ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
খ) মহিলাসকল সাধাৰণতে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে অধিক সংযুক্ত, যিটো তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী। পুৰুষসকল প্ৰায়ে এই ধৰণৰ সামাজিক সহায়ৰ পৰা বঞ্চিত হয়।
উল্লেখ্য যে বিশ্বৰ পৰিসংখ্যা অনুসৰি মহিলাৰ গড় আয়ুস পুৰুষতকৈ প্ৰায় ৪-৫ বছৰ বেছি। উদাহৰণস্বৰূপে, বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি ২০২০ চনত বিশ্বজুৰি মহিলাৰ গড় আয়ুস ৭৫.৬ বছৰ, আনহাতে পুৰুষৰ বাবে ৭০.৮ বছৰ। এই পাৰ্থক্য দেশভেদে বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সাধাৰণ ধাৰাটো একেই।