মাজুলীত মহিলাসকলৰ ফুটবল খেলেৰে পৰিবেশ সজাগতা সৃষ্টিৰ প্ৰয়াস

Screenshot_20190605-133151_Video Player

মাজুলীত মহিলাসকলৰ প্ৰীতি ফুটবল খেল

বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি মাজুলীত মহিলাসকলে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰে। খেলুৱৈসকলৰ পৰিচিত খেলৰ পোচাক অবিহনে অসমীয়া চাদৰ মেখেলা পিন্ধি ফুটবল খেলত নামে মহিলাসকল।

উল্লেখযোগ্য যে, মাজুলীৰ বেঙেনা আটী সত্ৰত আজি ৰাতিপুৱাই চাৰিখন গাঁৱৰ মহিলাসকলে গোট খাই বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰথমে অঞ্চলটোত চাফাই অভিযান চলাই। চাফাই কাৰ্য্য সমাপ্ত কৰি মহিলাসকলে অঞ্চলটোৰ বিভিন্ন স্থানত গছপুলি ৰোপন কৰে।

ৰাতিপুৱাৰ ভাগত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি চাৰিখন গাঁৱৰ মহিলাসকলে ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি মহিলাসকলে চাদৰ মেখেলাৰে বলৰ পিছত দৌৰি প্ৰতিপক্ষক হৰুৱাবৰ বাবে চেষ্টা কৰে।

মহিলাসকলৰ ফুটবল খেল প্ৰত্যক্ষ কৰাৰ বাবে খেলপথাৰত শ শ স্থানীয় লোক উপস্থিত হয়। খেলত অংশগ্ৰহণ কৰা এগাৰাকী মহিলাই কয় যে পৰিবেশৰ প্ৰতি সজাগতা সৃষ্টি আৰু খেলৰ জৰিয়তে দেহ-মন সুষ্ঠ কৰি ৰখাৰ বাবেই ফুটবল খেলখন অনুষ্ঠিত কৰা  হয়।

আনহাতে, মহিলাসকলে বিশ্ব পৰিবেশ দিৱসত পৰিবেশৰ প্ৰতি মানুহক সজাগ কৰি তোলাৰ বাবে এক সজাগতা ৰেলীও উলিয়াই।