NORTHEAST NOW (Assamese)

পুৰুষতকৈ মহিলাক প্ৰয়োজন অধিক টোপনিৰ : গৱেষণাত পোহৰলৈ আহিছে এই তথ্য

February 17, 2025 5:41 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 17, 2025 4:39 pm

পুৰুষতকৈ মহিলাক অধিক টোপনিৰ প্ৰয়োজন। শাৰীৰিক আৰু মানসিক সুস্থতাৰ লগতে হৰমনৰ সুষমতাৰ বাবে মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন হয়। শেহতীয়াকৈ বিভিন্ন গৱেষণাত পোহৰলৈ আহিছে এই তথ্য।

মহিলাৰ মগজুৱে প্ৰায়ে জটিল ‘মাল্টিটাস্কিং’ত লিপ্ত হয়। মহিলাই দৈনিক অধিক জ্ঞান সম্পদ ব্যৱহাৰ কৰে, যাৰ ফলত মহিলাৰ মানসিক পৰিশ্ৰম অধিক হয়। গতিকে, এই ক্লান্তিৰ পৰা অৱকাশ লাভ কৰিবলৈ মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন হয়। বিশেষকৈ স্মৃতিশক্তি, পাচন প্ৰক্ৰিয়াৰ বাবে মহিলাসকলক অধিক টোপনিৰ প্ৰয়োজন।

ড্যুক বিশ্ববিদ্যালয়ৰ এক অধ্যয়নে ইংগিত দিয়ে যে মহিলাৰ টোপনিৰ অভাৱৰ সৈতে মানসিক অশান্তি বৃদ্ধি যেনে হতাশা, খং আদিৰ সম্পৰ্ক আছে।

ইয়াৰ উপৰিও ঋতুস্ৰাৱ, গৰ্ভাৱস্থা, ৰজোনিবৃত্তিৰ সময়ত হৰমনৰ অস্থিৰতাই মহিলাৰ টোপনিৰ গুণাগুণ বিঘ্নিত কৰে। এই বিঘিনিবোৰৰ পৰা মহিলাগৰাকীক পুনৰুদ্ধাৰৰ বাবে ক্ষতিপূৰণমূলক টোপনিৰ প্ৰয়োজন।

আনহাতে, সমাজৰ ৰীতি-নীতি, পৰিয়ালৰ দায়িত্ব আদিয়ে মহিলা সকলৰ টোপনিত প্ৰায়ে বাধাৰ সৃষ্টি কৰে, যাৰ ফলত জৈৱিক চাহিদা পূৰণৰ বাবে বৰ্ধিত টোপনিৰ সুযোগৰ প্ৰয়োজনীয়তা আৰু বেছি হয়।

এই কাৰণসমূহৰ বাবে মহিলাসকলক গড়ে পুৰুষতকৈ ২০৩০ মিনিট বেছি টোপনিৰ প্ৰয়োজন হব পাৰে।

Related News