‘জখলা’ৰ উদ্যোগত পেলনীয়া কাপোৰ আৰু কাগজেৰে বেগ নিৰ্মাণৰ কৰ্মশালা

পলিথিনৰ বেগ আৰু প্লাষ্টিকৰ দ্বাৰা তৈয়াৰি অন্যান্য সামগ্ৰীৰ ব্যৱহাৰ বন্ধৰ বাবে ৰাজ্যখনৰ পূৰ্বৰ কংগ্রেছ চৰকাৰ বা বৰ্তমানৰ বিজেপি চৰকাৰেও কৈ আহিছে যদিও এই ক্ষেত্ৰত কোনো এখন চৰকাৰে ফলপ্ৰসু ব্যৱস্থা হাতত লোৱা নাই।

ফলত প্ৰশাসনে মাজে সময়ে পলিথিনৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে যদিও এতিয়াও আমাৰ দৈনদিন ইয়াৰ প্ৰচলন হৈ আছে।

যোৱা সোমবাৰে ‘জখলা’ নামৰ এক বেচৰকাৰী সংস্থাৰ যোগেদি কামৰূপ জিলাৰ চয়ানি বৰদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমৰঙাত প্লাষ্টিকৰ পৰিৱৰ্তে পেলনীয়া কাপোৰ আৰু কাগজ আদিৰে বেগ আদি নিৰ্মাণৰ এখন কৰ্মাশালা আয়োজন কৰা হয়।

কৰ্মশালাত অঞ্চলটোৰ প্ৰায় ১০০ গৰাকী মহিলাক কিদৰে ব্যৱহাৰ কৰা লং পেন্ট, কাগজ আদিৰ পৰা ধুনীয়া মোনা বা বেগ বনাব পাৰি সেই সম্পৰ্কে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়।

সংবাদ মাধমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কৰ্মশালাখনৰ আয়োজক মৃদুল মালাকাৰে কয়, ‘ৰাইজক প্লাষ্টিকৰ বিকল্প ব্যৱস্থা কম খৰছতে চৰকাৰ বা প্ৰশাসনে দিব পৰা নাই বাবে এনেকৈ বহুলভাৱে প্লাষ্টিকৰ প্ৰচলন হৈ আছে’।

‘পৰৱৰ্তী সময়ত আমাৰৰ এই কাৰ্য্যসূচী অসমৰ বিভিন্ন অঞ্চললৈ প্ৰসাৰ কৰি এই প্ৰচেষ্টাক এক আন্দোলনলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰিম।‘ তেওঁ কয়।