যুদ্ধবিধস্ত ইউক্ৰেইনলৈ বিশ্ব বেংকৰ ৩ বিলিয়ন ডলাৰ অৰ্থনৈতিক সাহাৰ্য্য

Russia-Ukraine war

ৰাছিয়াৰ আক্ৰমণে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ইউক্ৰেইনৰ কাষত ঠিয় দিছে বিশ্ব বেংক। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ বাবে ৩ বিলিয়ন ডলাৰৰ সাহাৰ্য্য পেকেজ আগবঢ়াব বুলি মঙ্গলবাৰে বিশ্ব বেংকে ঘোষণা কৰিছে।

এই সাহাৰ্য্য পুঁজিত ৩৫০ নিযুত ডলাৰ তাৎক্ষণিক পুঁজি অন্তৰ্ভুক্ত থাকিব বুলি বিশ্ব বেংকে লগতে সদৰি কৰিছে।

বিশ্ব বেংকৰ সভাপতি ডেভিদ মালপাছে আন্তৰ্জাতিক মুদ্ৰা নিধিৰ পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাৰ সৈতে এক যুটীয়া বিবৃতিত কয় যে এই সাহাৰ্য্যৰ প্ৰথম কিস্তি এই সপ্তাহত অনুমোদনৰ বাবে ব’ৰ্ডৰ ওচৰত দাখিল কৰা হ’ব।

ইয়াৰ পিছত স্বাস্থ্য আৰু শিক্ষাৰ বাবে দ্ৰুত বিতৰণৰ উদ্দেশ্যে ২০০ নিযুত ডলাৰ পুঁজিৰ অনুমোদনৰ বাবে দাখিল কৰা হ’ব বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকে শেহতীয়াকৈ ইউক্ৰেইনক অধিক বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি অনুসৰিয়েই ইউক্ৰেইনলৈ এই সাহাৰ্য্য পুঁজি আগবঢ়োৱা হৈছে।

আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে অহা সপ্তাহৰ আৰম্ভণিতে জৰুৰীকালীন বিত্তীয় যোগানৰ বাবে ইউক্ৰেইনৰ শেহতীয়া অনুৰোধ বিবেচনা কৰিব বুলি বিবৃতিটোত লগতে কোৱা হৈছে।