NORTHEAST NOW (Assamese)

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নেখেলে বিশ্ব চেম্পিয়ন মেৰী কমে

March 17, 2019 9:18 am · এন ই নাও নিউজ
মেৰীকমৰ ফাইল ফটো

ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন তথা ‘মেগনিফিচেণ্ট মেৰী’ হিচাপে পৰিচিত এম চি মেৰী কমে প্ৰতিদ্বন্দ্বিতা নকৰে অহা ১৬ এপ্ৰিলৰ পৰা হ’বলগীয়া এছিয়ান বক্সিং চেম্পিয়নশ্বিপত।

জানিব পৰা মতে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰতি লক্ষ্য ৰাখিয়ে মণিপুৰৰ তাৰকা বক্সাৰ গৰাকীয়ে বেংককত হ’বলীয়া উক্ত প্ৰতিযোগিতাখনত ভাগ নলয়।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ (এ আই বি এ) বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত মেৰী কমে ২০১৭ চনৰ ভিয়েটনামত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় বক্সাৰ আছিল। সেইবাৰ ভাৰতে এটা স্বৰ্ণ, এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আনহাতে মেৰীৰ অনুপস্থিতিত এইবাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন সৰিতা দেৱী, প্ৰাক্তন বিশ্ব জুনিয়ৰ চেম্পিয়ন নিখত জাৰিন আৰু যোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী সোনিয়া সাহল হ’ব ভাৰতীয় দলটোৰ পদকৰ মূল দাবীদাৰ।

১৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বক্সিং চেম্পিয়নশ্বিপখন ২৭ এপ্ৰিলত অন্ত পৰিব।

Related News