ফিফা বিশ্বকাপ ২০২২: নিৰ্দ্ধাৰণ হ’ল কাটাৰ বিশ্বকাপৰ গ্ৰুপ বিভাজন; কোন গ্ৰুপত ব্ৰাজিল-আৰ্জেন্টিনা?

world-cup

অৱশেষত কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ-২০২২ৰ গ্ৰুপ বিভাজন লটাৰীযোগে নিৰ্দ্ধাৰণ হৈছে। কাটাৰ ফুটবল বিশ্বকাপৰ আঠোটা গ্ৰুপৰ তথ্য সন্মুখলৈ অহাৰ পিছতে ফুটবলপ্ৰেমী দৰ্শকৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা।

যোৱাবাৰৰ বিশ্ব চেম্পিয়ন ফ্ৰান্স এইবাৰ ডি-গ্ৰুপত স্থান লাভ কৰিছে। তেওঁলোকৰ সৈতে আছে ডেনমাৰ্ক আৰু টিউনিছিয়া। এই গ্ৰুপত চতুৰ্থ দল হিচাপে অংশ ল’ব আমিৰশ্বাহী, অষ্ট্ৰেলিয়া আৰু পেৰুৰ মাজৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দলটোৱে।

মেছিৰ আৰ্জেন্টিনাই চি-গ্ৰুপত লেওৱানড’স্কিৰ পোলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই গ্ৰুপত থকা আন দুটা দল হ’ল চৌদি আৰৱ আৰু মেক্সিকো।

লগতে পঢ়ক: বিক্ষোভত জ্বলিছে শ্ৰীলংকা! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰী অৱস্থা ঘোষণা

এইবাৰ জি-গ্ৰুপত থাকিব নেইমাৰৰ ব্ৰাজিল। ইয়াৰ লগত এই গ্ৰুপত থাকিব চাৰ্বিয়া, চুইজাৰলেণ্ডআৰু কেমেৰুণ।

আনহাতে, ই-গ্ৰুপত স্পেইন আৰু জাৰ্মানী একেটা গ্ৰুপতে থাকিব। জাপানৰ উপৰি এই গ্ৰুপত থাকিব কোষ্টাৰিকা বা নিউজিলেণ্ডৰ মাজৰ কোনোবা এটা দল।

বিশ্বকাপৰ এইচ-গ্ৰুপত আছে ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ পৰ্তুগাল। তেওঁলোকৰ লগত থাকিব ঘানা, উৰুগুৱে আৰু দক্ষিণ কোৰিয়া।      

ফিফা বিশ্বকাপৰ গ্রুপ:-
গ্রুপ-এ: কাটাৰ, ইকুয়েডৰ, নেদাৰলেণ্ড, ছেনেগাল
গ্রুপ-বি: ইংলেণ্ড, ইৰান, আমেৰিকা, স্কটলেণ্ড/ওৱেলস/ইউক্রেইন
গ্রপ-চি: আর্জেন্টিনা, চৌদি আৰব, মেক্সিকো, পোলেণ্ড
গ্রপ-ডি: ফ্রান্স, আমিৰশ্বাহী/অষ্ট্ৰেলিয়া/পেৰু, ডেনমার্ক, টিউনিছিয়া
গ্রপ-ই: স্পেইন, কোষ্টাৰিকা/নিউজিলেণ্ড, জার্মানী, জাপান
গ্রপ-এফ: বেলজিয়াম, কানাডা, মৰক্কো, ক্রোৱেছিয়া
গ্রপ-জি: ব্রাজিল, চার্বিয়া, চুইজাৰলেণ্ড, কেমেৰুণ
গ্রপ-এইচ: পর্তুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া ।