এসময়ত বিশ্ব পৰিবেশ দিৱসক আমি গছপুলি ৰোৱা দিন বুলি ভাবিছিলোঁ৷ মূলতঃ বৃক্ষ ৰোপণ আৰু পৰিবেশ প্ৰদূষণৰ কথাই বিশ্ব পৰিবেশ দিৱসৰ দিনা আলোচনা কৰা হৈছিল৷ এই বছৰ বিশ্ব পৰিবেশ দিৱসে ৫০ বছৰত ভৰি দিলে৷ এই ৫০ বছৰে অসমৰ গছ-গছনিৰ সংখ্যা বাঢ়িছে নে কমিছে? আমাৰ পানী, মাটি আৰু বায়ুৰ গুণাগুণ ৫০ বছৰৰ আগতে কেনে আছিল আৰু এতিয়া কেনে? আমাৰ মাটি,পানী আৰু বায়ু যে ৫০ বছৰ আগতকৈ আজি বেছি প্ৰদূষিত- সেইটো জানিবলৈ আমাক কিবা গৱেষণাৰ প্ৰয়োজন আছেনে?
আমি আমাৰ অভিজ্ঞতাৰ পৰা ক’ব পৰা হৈছোঁ যে ৫০ বছৰ আগতে আমাৰ পৰিবেশ যিমান চিকুণ, সুস্থিৰ আৰু সবল আছিল আজি সি তেনে অৱস্থাত নাই৷ আজিৰ পৰিবেশ ভয়ানকভাৱে ক্ষতিগ্ৰস্ত, প্ৰদূষিত৷ ইয়াৰ বাবে কোন দায়ী?
ইয়াৰ বাবে কম বেছি পৰিমাণে আমি সকলো দায়ী৷ কিন্তু আটাইতকৈ বেছি দায়ী নীতি নিৰ্ধাৰণৰ দায়িত্বত থকা লোকসকল, চৰকাৰবোৰ৷ পৰিবেশৰ ওপৰত কোনে চাপ সৃষ্টি কৰে? প্ৰথমটো হ’ল জনসংখ্যাৰ চাপ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান আৰু কৰ্মসংস্থানৰ বাবে স্বাভাৱিকতে প্ৰকৃতিৰ ওপৰত আগতকৈ বেছি হেঁচা পৰে৷ গতিকে প্ৰথম প্ৰশ্নটো হ’ল জনসংখ্যা নিয়ন্ত্ৰণ৷ কিন্তু বৰ্দ্ধিত জনসংখ্যাই প্ৰকৃতিৰ ওপৰত যি হেঁচা সৃষ্টি কৰিছে তাতকৈ প্ৰকৃতিৰ ওপৰত বহু বেছি হেঁচাৰ সৃষ্টি কৰিছে বহুজাতিক নিগমবোৰৰ কৰ্মকাণ্ডই৷ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰতি আমি সজাগ হ’বই লাগিব৷ লাহে লাহে মানুহৰ মাজত এই সজাগতা আহিছেও৷ কিন্তু, বহুজাতিক নিগমবোৰক নিয়ন্ত্ৰণ কৰিব কোনে? তেওঁলোকে নিজৰ লাভৰ বাবে আমাৰ পৰ্বত খহাই, সাগৰ খান্দি, নদী বান্ধি, পথাৰ, জলাহ দখল কৰি কিমান কি কৰা নাই! এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ গণতন্ত্ৰ আৰু আইনৰ শাসনৰ অৱক্ষয়ৰ লগত পৰিবেশ ক্ষয়ৰ কিবা সম্পৰ্ক আছে নেকি?
নিশ্চিতৰূপে আছে৷ এক সজাগ, সুস্থ নিৰ্বাচনী প্ৰক্ৰিয়াৰ যোগেদি যদি জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে, সেই প্ৰতিনিধি সকলে যেতিয়া নীতি নিৰ্ধাৰণ কৰিব তেওঁলোকে সদায় সাধাৰণ মানুহৰ কল্যাণৰ কথাটোক অগ্ৰাধিকাৰ দিব৷ কিন্তু তাৰ পৰিবৰ্তে যদি ধনবল আৰু জনবলৰ জোৰত গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো বহুজাতিকৰ আশীষধন্য মুষ্টিমেয় শক্তিয়ে Hijack অৰ্থাৎ অপহৰণ কৰে তাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি সকলে গঠন কৰা চৰকাৰেও সাধাৰণ মানুহৰ কথা চিন্তা কৰাৰ সলনি বহুজাতিকৰ স্বাৰ্থকে অগ্ৰাধিকাৰ দিব৷ গতিকে গণতন্ত্ৰৰ অৱক্ষয়ৰ লগত পৰিবেশৰ অৱক্ষয়ৰ সম্পৰ্ক প্ৰত্যক্ষ৷
প্ৰাকৃতিক পৰিবেশ পৰিবৰ্তনৰ লগত আৰু দুটা কথা জড়িত৷ তাৰে এটা হৈছে বহনক্ষম বিকাশ আৰু আনটো হ’ল জলবায়ু পৰিবৰ্তন৷ প্ৰায় একে সময়তে এই দুয়োটাৰ চৰ্চাই বিশ্বব্যাপি গুৰুত্ব লাভ কৰিছিল৷ বহনক্ষম বিকাশৰ কথাটো বিশেষ চৰ্চালৈ আহে ১৯৮৮চন মানৰ পৰা৷ বহনক্ষম বিকাশ – “যি বিকাশে ভৱিষ্যত বংশধৰ সকলৰ প্ৰয়োজন পূৰণৰ প্ৰতি লক্ষ্য ৰাখিও বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰে৷“ এইটো অতি গুৰুত্বপূৰ্ণ, এটা সৰ্বঢাক ধাৰণা৷ ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত সামাজিক বিকাশ,পৰিবেশ সংৰক্ষণ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ কথাটোও জড়িত হৈ আছে৷ আমি আমাৰ ভোগ সুখৰ কথা চিন্তা কৰাৰ লগে লগে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ ভোগ সুখ আৰু প্ৰয়োজনৰ কথাও চিন্তা কৰিব লাগিব৷ আমিয়ে গোটেইখিনি সম্পদ শেষ কৰি পেলালে আমাৰ পিছৰ প্ৰজন্মৰ কি হ’ব?
আনহাতে বিকাশ মানে সমাজৰ মুষ্টিমেয় এচাম মানুহৰ বিকাশ নহয়৷ সমাজৰ সকলো অংশৰ মানুহৰে ব্যক্তিসত্তাৰ পূৰ্ণাঙ্গ বিকাশ৷ গোলকীয় জলবায়ু পৰিবৰ্তনৰ বিষয়টোৱে বিশেষ গুৰুত্ব পায় ১৯৯১ চন মানৰ পৰা৷ গোলকীয় জলবায়ু পৰিবৰ্তন এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু মানবীয় কাৰ্য্যই জলবায়ু পৰিবৰ্তনৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবও পাৰে৷ সেয়ে যি কোনো উন্নয়ন প্ৰকল্পৰ পৰিকল্পনাৰ সময়ত জলবায়ু পৰিবৰ্তনৰ প্ৰশ্নটো বিৱেচনা কৰাটো সম্প্ৰতি অতি জৰুৰী৷ জলবায়ু পৰিবৰ্তন, পৰিবেশতন্ত্ৰ আৰু বহনক্ষম বিকাশ এটা আনটোৰ লগত সম্পৰ্কিত৷
পৰিতাপৰ কথা যে সম্প্ৰতি গণতান্ত্ৰিক ব্যৱস্থাটোৰ অৱক্ষয়ৰ বাবে বিশ্বৰ প্ৰায় সকলো ঠাইতে বহুজাতিক পুঁজিৰ লগত সাঙোৰ খাই থকা বিত্তবান মহলটোৱে চৰকাৰী যন্ত্ৰটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিছে৷ ইয়াৰ ফলত এমুঠিমান মানুহৰ নিজৰ লাভ আৰু সুখভোগৰ বাবে জলবায়ু পৰিবৰ্তন আৰু বহনক্ষম বিকাশৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি পৰিবেশ তন্ত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰা হৈছে৷ সমাজৰ সৰ্বস্তৰৰ লোকৰ অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক বিকাশৰ প্ৰশ্নটোৱেও গুৰুত্ব পোৱা নাই৷ সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতিও সুবিচাৰ কৰা হোৱা নাই৷ অইন নালাগে সৌ সিদিনা কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে সগৌৰৱে উত্তৰ-পূৱ ভাৰতৰ জলপথ,স্থলপথ আৰু বায়ুপথ নিৰ্মাণৰ বাবে কেইবা হাজাৰ কোটি টকীয়া প্ৰকল্পৰ ঘোষণা কৰিছে৷ জলপথ,স্থলপথ আৰু বায়ুপথৰ উন্নয়ন আৰু সম্প্ৰসাৰণ নিশ্চয় লাগে৷ কিন্তু এইবোৰ কৰিবলৈ যাওঁতে তাৰ environment assessment অৰ্থাৎ পৰিবেশৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰা হৈছেনে? অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অপূৰ্ব জৈৱ-বৈচিত্ৰ্য আৰু স্থানীয় সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ প্ৰশ্নবোৰ বিবেচিত হৈছেনে? অস্বাভাৱিক জলবায়ু পৰিবৰ্তনৰ কথাবোৰ ভাবি চোৱা হৈছেনে? এইবোৰ কথা নভবাকৈ পৰিকল্পনা কৰা বৃহৎ প্ৰকল্পবোৰে আমাৰ সৰ্বনাশ মাতি নানিবনে? সৌ সিদিনা ডিমা হাচাওত আমি কি দেখিলোঁ?
সেইবাবেই বোধহয় আজি কিছু দশকৰ পৰা সমগ্ৰ বিশ্বতে এক পৰিবেশ আন্দোলন গঢ়ি উঠিছে৷ তাৰ প্ৰতিফলন আমি ভাৰতবৰ্ষ আৰু অসমতো দেখা পাইছোঁ৷ সেয়ে আজিৰ গণতান্ত্ৰিক আন্দোলনৰ লগত পৰিবেশ সংৰক্ষণ আৰু জলবায়ু পৰিবৰ্তনৰ প্ৰশ্নবোৰ নিশ্চিতভাৱে সংযুক্ত হ’ব লাগিব৷ বোধহয় সেইটোৱে হ’ব আজিৰ পৰিবেশ দিৱসৰ বাৰ্তা৷ লগতে ব্যক্তিগতভাৱে আমিও আমাৰ ভোগৰ লালসা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব৷ পৰিবেশ সংৰক্ষণৰ বাবে যাদব পায়েং বা সোনাম ৱাংচুকৰ দৰে ব্যক্তিৰ আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ আমি নিজেও এটা ভূমিকা ল’ব লাগিব, দায়িত্ব পালন কৰিব লাগিব৷