NORTHEAST NOW (Assamese)

World Rhino Day আজি ‘বিশ্ব গঁড় দিৱস’, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন, জানো আহক বিশ্ব গঁড় দিৱসৰ তাৎপৰ্যৰ বিষয়ে

September 22, 2022 12:38 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি ‘বিশ্ব গঁড় দিৱস’। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ২২ ছেপ্তেম্বৰৰ দিনটোত বিশ্ব গঁড় দিৱস উদযাপন কৰা হয়। গঁড়ৰ সংৰক্ষণ তথা বৃদ্ধিৰ বিষয়ত গণ সচেতনতা সৃষ্টিৰ মানসেৰেই বিশ্ব গঁড় দিৱস পালন কৰা হয়।

মূলতঃ আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ সংৰক্ষণৰ বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস আজিৰ দিনটোতে বিভিন্ন অনুষ্ঠানৰ মাজৰে কৰা হয়।

বিশ্ব বন্য প্ৰাণী পুঁজিয়ে ২০১০ চনত দক্ষিণ আফ্ৰিকাত পোন প্ৰথমবাৰৰ বাবে ‘বিশ্ব গঁড় দিৱস’ পালনৰ কথা ঘোষণা কৰিছিল। তেতিয়াৰে পৰা প্ৰতিবছৰে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ব গঁড় দিৱস পালন কৰি অহা হৈছে। প্ৰাণী বিশ্ৰানীসকলে প্ৰকাশ কৰা মতে বিশ্বত মুঠ পাঁচটা প্ৰজাতিৰ গঁড় পোৱা যায়।

ইয়াৰ ভিতৰত বগা ৰঙৰ গঁড়ৰ আকৃতি আটাইতকৈ ডাঙৰ । এনে গঁড় প্ৰায় ১.৮ মিটাৰলৈ ওখ হয়।

জাভান প্ৰজাতিৰ গঁড়ৰ মূৰত এটা শিং থকাৰ উপৰি সুমাত্ৰান গঁড়ৰ দুটা শিং থাকে।

গঁড়ৰ দৃষ্টি শক্তি তেনেই ক্ষীণ। এই প্ৰাণী বিধে প্ৰায় ৯৭ ফুট দূৰৈলৈকেহে ভালদৰে দেখা পায়।
সম্প্ৰতি তিনিটা প্ৰজাতিৰ গঁড়- ক’লা, জাভান আৰু সুমাত্ৰান বিপদাপন্ন হৈ পৰিছে।

বিশ্বৰ বিভিন্ন দেশৰ লগতে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব গঁড় দিৱস পালন কৰা হয় ৷

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নেতৃত্বত দিন জোৰা কাৰ্যসূচীৰে আজি বিশ্ব গঁড় দিৱস উদযাপন কৰা বুলি জানিব পৰা গৈছে ৷একেদৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বিশ্ব গঁড় দিৱস পালন কৰা হৈছে।

Related News