NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব গঁড় দিৱস পালন

September 23, 2019 7:15 am · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস পালন কৰে।

এই উপলক্ষে পুৱা ৬ বজাত কলিয়াবৰৰ পৰা দুটা গঁড়ৰ প্ৰতিমূৰ্তিৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুয়ো পাৰে সজাগতাৰ বিশেষ যাত্ৰা কৰা হয় ৷ কলিয়াবৰৰ পৰা আৰম্ভ কৰা এই দুই যাত্ৰা বিয়লি ক্ৰমে বোকাখাত আৰু উত্তৰ পাৰৰ বিশ্বনাথত সামৰণি পৰে ৷

দক্ষিণ পাৰৰ কলিয়াবৰৰ পৰা ওলোৱা এই গঁড় যাত্ৰাই ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল, কুঠৰী তিনি আলি, বাগৰি আৰু কহঁৰা বনাঞ্চলত সজাগতা অনুষ্ঠান কৰি বিয়লি বোকাখাতৰ নাট্য মন্দিৰ প্ৰাংগণত যাত্ৰাৰ সামৰণি মাৰে।

ইফালে বোকাখাতৰ নাট্যমন্দিৰত কেন্দ্ৰীয় ভাৱে আয়োজিত বিশ্ব গঁড় দিৱসৰ মূল কাৰ্যসুচী অনুষ্ঠিত হয় ৷ নাট্য মন্দিৰত পুৱা বোকাখাত মহকুমা কবি সন্মিলনৰ সহযোগত গঁড় দিৱসৰ এক বিশেষ কবি সন্মিলন অনুষ্ঠিত হয় ৷

বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই কবি সন্মিলনত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে ৷

বিয়লিলৈ অনুষ্ঠিত হোৱা মুকলি সভাত কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, বনসংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াকে ধৰি বিভিন্ন লোকে অংশ গ্ৰহণ কৰে।

মুকলি সভাতেই গঁড় দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাও প্ৰদান কৰা হয় ৷ সভাত সোনাপুৰৰ শিল্পী শিৰোমনি দলে নাকেৰে ছবি আঁকি সকলোকে আচৰিত কৰি তোলে।

ইফালে বোকাখাতৰ নাট্যম নামৰ দলটোয়ে ৰাতুল ফুকনৰ পৰিচালনাৰে গঁড় সংৰক্ষন বিষয়ৰ এখন বাটৰ নাট বিহৰা বজাৰ, বোকাখাত আৰু কহঁৰাত পৰিৱেশন কৰে।

Related News