ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’

Wali world’s best sniper

তৃতীয় সপ্তাহত উপনীত হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তুপত পৰিণত কৰিছে ইউক্ৰেইন। ৰাজধানী কিয়েভ দখলৰ লক্ষ্যৰে আগবাঢ়ি অহা ৰাছিয়ান সৈন্যক বাধা দিয়াৰ বাবে যৎপোৰনস্তি চেষ্টা চলাইছে ইউক্ৰেইনে।

যুদ্ধৰ এনে বিভীষিকাৰ মাজতে পোৱা গৈছে এক বিশেষ খবৰ। এইবাৰ ইউক্ৰেইনৰ হৈ বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰগৰাকীও যুদ্ধত নামি পৰাৰ বাতৰি প্ৰকাশ পাইছে।

‘ৱালি’ নামৰ এই স্নাইপাৰ জনে চলিত সপ্তাহৰ আৰম্ভণিতে ৰাছিয়ান সেনা বাহিনীৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত উপস্থিত হয়।

ৰয়েল কানাডিয়ান ২২ তম ৰেজিমেণ্টৰ এজন অভিজ্ঞ জোৱান ৱালিয়ে কয় যে যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বহি: দেশৰ লোককো ৰাছিয়াৰ বিৰুদ্ধে দেশখনৰ যুঁজত যোগদান কৰিবলৈ আহ্বান জনাইছিল, তেতিয়া তেওঁ অগ্নি নিৰ্বাপনৰ বাবে বজোৱা এলাৰ্ম শুনা এজন অগ্নিনিৰ্বাপকৰ দৰে অনুভৱ কৰিছিল।

প্ৰকাশিত বাতৰি অনুসৰি, বুধবাৰে ইউক্ৰেইনত উপস্থিত হোৱাৰ পিছত ৱালিয়ে দুদিনত ছয়জন ৰাছিয়াৰ সৈনিকক হত্যা কৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত বিখ্যাত স্নাইপাৰজনে কয়, “মই ইউক্ৰেইনক সহায় কৰিব বিচাৰো। তেওঁলোক কেৱল ৰাছিয়ান হোৱাৰ পৰিৱৰ্তে ইউৰোপীয়ান হ’ব বিচাৰে বাবেই বোমাবর্ষণ কৰা হৈছে। সেয়ে মই তেওঁলোকক সহায় কৰিব লাগিব।”

ৱালিক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ স্নাইপাৰ হিচাপে গণ্য কৰা হয়। এজন ভাল স্নাইপাৰে গড়ে প্ৰতিদিনে ৫-৬ জন শত্ৰুক হত্যা কৰিব পাৰে।

সেইদৰে কিছু উন্নত স্নাইপাৰ এজনে এদিনত প্ৰায় ৭-১০ জন শত্ৰু নিধন কৰিব পাৰে বুলি কোৱা হয়। আনহাতে ৱালিয়ে মাত্ৰ এটা দিনতে ৪০ গৰাকী শত্ৰুক হত্যা কৰিব পাৰে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

৪০ বৰ্ষীয় ফৰাচী-কানাডিয়ান কম্পিউটাৰ বিজ্ঞানী ৱালিয়ে ২০০৯ ৰ পৰা ২০১১ চনৰ ভিতৰত আফগানিস্তান যুদ্ধত দুবাৰকৈ সেৱা আগবঢ়াইছিল।

আফগানিস্তানত থকা সময়ছোৱাতে তেওঁ ‘ৱালি’ নামেৰে জনাজাত হৈ পৰিছিল। আৰবী ভাষাত এই ৱালি শব্দৰ অৰ্থ হৈছে ৰক্ষক।