বিশিষ্ট সাহিত্যিক, গৱেষক তথা গণিতজ্ঞ ড০ দিলীপ কুমাৰ দত্তৰ দেহাৱসান

dilip kr dutta

ড০ দিলীপ কুমাৰ দত্ত। ফাইল ফটো

বিশিষ্ট সাহিত্যিক, গৱেষক তথা গণিতজ্ঞ ড০ দিলীপ কুমাৰ দত্তৰ দেহাৱসান ঘটিছে।.বাৰ্ধক্য জনিত ৰোগত আজি সন্ধিয়া আমেৰিকাত থকা বাসভৱনত অধ্যাপক দত্তৰ পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।

বিশিষ্ট সাহিত্যিক তথা আমেৰিকাৰ কিংষ্টনৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আছিল ড০ দিলীপ কুমাৰ দত্ত ৷

অধ্যাপক দত্তই অসমীয়া সাহিত্যলৈ ১৫খনতকৈয়ো অধিক গ্ৰন্থ উপহাৰ দি গৈছে।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে ‘ড০ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’, ‘মনে মোৰ কইনা বিচাৰে’, ‘মিছ গুৱাহাটী’, ‘শুভদিনৰ নিৰ্ঘন্ট’, ‘প্ৰেমত পৰিলো নেকি’ ইত্যাদি।

ড০ দত্ত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ তত্ত্বগত দিশৰ বিচাৰ-বিশ্লেষণ কৰা প্ৰথমগৰাকী লেখক-সমালোচক হিচাপে পৰিচিত আছিল।

তেওঁৰ “ফলি লোৱা বুৰঞ্জী” অসমৰ সমাজ জীৱনৰ ইতিহাসৰ এছোৱা বিশেষ সময়ৰ গুৰুত্বপূৰ্ণ দলিল হিচাপে পৰিগণিত হৈছে।

‘মনে মোৰ কইনা বিচাৰে’ ড০ দত্তৰ এখন অতি সুখপাঠ্য গ্ৰন্থ।

তদুপৰি, বিশিষ্ট গণিতজ্ঞ গৰাকীয়ে কেইবাখনো গণিত বিষয়ৰ গ্ৰন্থও ৰচনা কৰি গৈছে।

১৯৩৭চনত জন্ম গ্ৰহণ কৰা দিলীপ কুমাৰ দত্তৰ পিতৃ আছিল ফণীধৰ দত্ত আৰু মাতৃ ৰত্নেশ্বৰী দত্ত। যোৰহাটৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰা দিলীপ কুমাৰ দত্তই পৰৱৰ্তী সময়ত গুৱাহাটীৰ লতাশিল স্কুল, মানিক চন্দ্ৰ মধ্য ইংৰাজী স্কুল, কলেজিয়েট হাইস্কুলত অধ্যয়ন কৰিছিল।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱা দিলীপ কুমাৰ দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল।

ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিছিল অধ্যাপক দিলীপ কুমাৰ দত্তই। কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰা দত্তই  ১৯৬৭ চনৰ পৰা আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।

২০০৬চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতে বিশিষ্ট সাহিত্যিকগৰাকী কেন্সাৰ ৰোগত আক্ৰান্ত হয়।

ব্ৰিটিছ চৰকাৰৰ ফেলশ্বিপ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ছাত্ৰ দিলীপ কুমাৰ দত্তই কম্পিউটাৰত প্ৰথম অসমীয়া আখৰেৰে গ্ৰন্থৰ ৰচনা কৰিছিল।

বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ডঃ দিলীপ কুমাৰ দত্তৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ l

আনহাতে, বিশিষ্ট লেখক, কলাসাধক, অধ্যাপক ড০দিলীপ কুমাৰ দত্তৰ বিয়োগত অসম সাহিত্য সভাইয়ো গভীৰ শোক প্ৰকাশ কৰিছে।

‘’প্ৰবাসৰ পৰাই অসমৰ জনজীৱন, সাহিত্য সংস্কৃতিৰ লগত যাৰ আজীৱন সম্পৰ্ক, সেই অসমপ্ৰাণ ড০দিলীপ কুমাৰ দত্তৰ প্ৰয়াণত অসমী আয়ে এক সু-সন্তান হেৰুৱালে।‘’

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এক শোকবাৰ্তা যোগে বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।