১২ কোটিটকীয়া চিকিৎসালয়ত চিকিৎসাৰ বিসংগতি! ভৰি ভঙাৰ পিছতো সুস্থ বুলি জনালে চিকিৎসকে

ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি চৰকাৰখনে সদম্ভে দাবী তুলি অহাৰ সময়তে বিভাগটোত সংঘটিত হোৱা কেতবোৰ বিসংগতি তথা নাভূত-নাশ্ৰুত ঘটনাই সময়ে সময়ে হতচকিত কৰি আহিছে সাধাৰণ জনতাক।

তেনে এক ঘটনাই সংঘটিত হ’ল পুনৰ বোকাখাতত।

যোৱা ২৪ জুনত এক মটৰ দুৰ্ঘটনাত ভৰিত গুৰুতৰভাবে আঘাত পাই বোকাখাতৰ লখৌজান চাহ বাগিচাৰ লক্ষ্মণ বাউৰি নামৰ  যুৱকজনে  চিকিৎসাৰ বাবে গৈছিল বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ।

কিন্তু চিকিৎসাৰ নামত চিকিৎসালয়খনৰ চিকিৎসকে যুৱকৰ ভৰিত কোনো ধৰণৰ গুৰুত্বৰ আঘাত নাই বুলিহে লিখিতভাবে অৱগত কৰে।

কিন্তু লক্ষণীয়ভাৱে চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈয়েই অত্যাধিক বিষ যান্ত্ৰণাত কাতৰ হৈ পৰাৰ লগতে ফুলি উঠে যুৱকজনৰ বাওঁ ভৰিখন। যাৰ বাবে আত্মীয়ৰ পৰামৰ্শমতে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যুৱকজনক ভৰ্তি কৰোওৱা হয়।

ইফালে যোৰহাটৰ চিকিৎসকে জানিবলৈ দিয়াৰ লগতে এক্সৰেৰ প্ৰতিবেদনত পৰিস্ফুট হয় যুৱকজনে গুৰুত্বৰভাৱে আঘাত পোৱাৰ লগতে বাওঁভৰিৰ হাড়ৰ কিছু অংশ ফাটি যোৱাৰ কথা। সম্প্ৰতি বোকাখাতৰ লখৌজান চাহ বাগিচাস্থিত চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে যুৱকজন।

এই ঘটনাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বোকাখাতৰ স্থানীয় ৰাইজে। ৰোগীৰ জীৱনক লৈ গুৰুত্ব নিদিয়া বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দায়বদ্ধতাক লৈও প্ৰশ্ন উত্থাপন ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ লগতে কৃষকনেতা প্ৰণৱ দলেয়ে। লগতে এই ঘটনাৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনাইছে পৰিয়ালৰ লোক তথা কৃষক নেতাগৰাকীয়ে।

উল্লেখ্য যে বোকাখাতবাসীৰ দীৰ্ঘদিনীয়া এক সমস্যাৰ অৱসান ঘটোৱাৰ মানেসেৰে ২০২০ বৰ্ষৰ ৩ অক্টোবৰত তদানীন্তন বিত্ত-স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰিছিল ১০০খন বিচনাযুক্ত তথা ভেন্টিলেশ্যন সহ ২০ খন আই.চি.ইউ সংলগ্ন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটো।

কিন্তু পৰিতাপৰ কথা যে, ১২ কোটি ৫ লাখ ৬৮ হাজাৰ ৯ শ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১০০ খন বিচনাযুক্ত এই বিয়াগোম চিকিৎসালয়খনে আজিও উপকৃত কৰিব পৰা নাই সমষ্টিটোৰ সাধাৰণ ৰাইজক। বৰঞ্চ সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা, চিকিৎসাৰ বিসংগতিৰ লগতে চিকিৎসক-নাৰ্চৰ অভাৱ তথা অপৰ্যাপ্ত ঔষধ আৰু চিকিৎসা সম্বন্ধীয় সমস্যাই ভাৰাক্ৰান্ত কৰি আহিছে সাধাৰণ ৰাইজক। এই দিশত মনোযোগ দি স্বাস্থ্য মন্ত্ৰীৰ লগতে সংশ্লিষ্ট বিভাগটোক শীঘ্ৰেই চিকিৎসালয়খনৰ সমস্যা সমূহ সমাধানৰ দাবী তুলিছে বোকাখাতৰ সচেতন ৰাইজে।