ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে তবলিগী জামাতীসকল জগৰীয়া। এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।
মুখ্যমন্ত্ৰী যোগীৰ মতে ক’ৰ’নাত আক্ৰান্ত হোৱাটো অপৰাধ নহয়, কিন্তু ইয়াক লুকুৱাই ৰখাটো এক অপৰাধ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জামাতীসকলে কৰা এই অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে।
এটা ব্যক্তিগত টিভিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে কয়, ‘তবলিগী জামাতীসকলৰ এই কাণ্ড অতিকৈ নিন্দনীয়। এই ভাইৰাছত আক্ৰান্ত হোৱাটো অপৰাধ নহয়। কিন্তু আক্ৰান্ত হোৱাৰ কথা লুকুৱাই ৰখাটো নিতান্তই অপৰাধ। আৰু তবলিগী জামাতীসকলে এই অপৰাধ সংগঠিতভাৱে কৰিছে।’
লগতে তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ অন্তৰালত তবলিগী জামাতীসকলেই দায়ী। তেওঁলোকে কোভিড১৯ত আক্ৰান্ত হৈ লুকাই নথকা হ’লে ক’ৰ’না ভাইৰাছৰ বৰ্তমানৰ অপ্ৰতিৰোধ্য গতি নিয়ন্ত্ৰণ কৰিব পৰা গ’লহেঁতেন।