ৰাম নৱমীতেই ‘ৰাম ৰাজ্য’তে মাইক্ৰ’ফোন বজাব নোৱাৰিব! উচ্চচৰে মাইক বজোৱাৰ বাবে আৰক্ষীয়ে চাউণ্ড চিষ্টেম বন্ধ কৰিলে! যাৰ ফলত হোৱা প্ৰতিবাদৰ বাবে কানপুৰৰ ৰাৱাইপুৰ অঞ্চল কাৰ্যতঃ যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া হয়।
কানপুৰৰ ৰাৱাটপুৰ অঞ্চলত শনিবাৰে ৰাম নৱমী উদযাপনৰ পূৰ্বে স্থানীয় হিন্দু সংগঠন এটাই ডিজে বজাবলৈ আৰম্ভ কৰে। কিন্তু স্থানীয় প্ৰশাসনে আপত্তি কৰে। শান্তি-শৃংখলা বজাই ৰাখিবলৈ উদ্যোগীসকলক মাইক্ৰ’ফোনৰ শব্দ কমাই দিবলৈ কোৱা হৈছিল। কিন্তু তেওঁলোকে সেই কথাত সন্মতি নিদিলে। অৱশেষত আৰক্ষীয়ে মাইক্ৰ’ফোন আঁতৰাই লৈ যাবলৈ বাধ্য হয় আৰক্ষী।ইয়াৰ বিৰুদ্ধে হিন্দুত্ববাদী সংগঠনটোৱে প্ৰতিবাদত ৰাজপথলৈ ওলাই আহি বিক্ষোভ আৰম্ভ কৰে। পাছত স্থানীয় লোকেও এই প্ৰতিবাদত যোগদান কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰি অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হয়। স্থানীয় বিধায়ক ৰাহুল বচা শংকৰেও সেই স্থান পৰিদৰ্শন কৰে। সমগ্ৰ বিষয়টো চোৱাচিতা কৰাৰ আশ্বাস দিয়াৰ পিছতে এই প্ৰতিবাদ নিয়ন্ত্ৰণলৈ আহে। কিন্তু এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনাৰ পৰিৱেশ অব্যাহত আছে। অঞ্চলটোত এতিয়াও বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ধৰ্মীয় স্থানত মাইক্ৰ’ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। শেহতীয়াকৈ যোগীয়ে কৈছিল যে মন্দিৰ আৰু মছজিদৰ বাহিৰত লাউডস্পীকাৰৰ শব্দ শুনা উচিত নহয়। মন্দিৰ আৰু মছজিদত নামাজৰ শব্দ তেওঁলোকৰ মাজতে আৱদ্ধ হোৱাটো বাঞ্ছনীয়। তেওঁ কয় যে প্ৰশাসনৰ অনুমতি সাপেক্ষে ধৰ্মীয় স্থানত মাইক্ৰ’ফোন আৰু লাউডস্পীকাৰ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ইয়াৰ শব্দ মন্দিৰ বা মছজিদৰ বাহিৰত আহিবলৈ দিয়া উচিত নহয়। মুখ্যমন্ত্রীয়ে এই কথা কোৱাৰ পাছত ৰাজ্যৰ মন্দিৰ, মছজিদকে ধৰি ১৭ হাজাৰ ধৰ্মীয় স্থানত লাউডস্পীকাৰৰ শব্দ অনুমোদিত সীমাৰ ভিতৰত হ্রাস কৰা হৈছে৷ যদিও প্ৰথমে মছজিদৰ লাউডস্পীকাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল, এইবাৰ হিন্দু উৎসৱৰ বাবেও ই বাধা হৈ পৰিছে।