ফেচবুকৰ অন্তৰ্গত প্ৰতিষ্ঠান WhatsApp ৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে ভাৰতৰ উচ্চতম ন্যায়ালয়।
শেহতীয়াকৈ WhatsApp-এ নতুন প্ৰাইভেচি পলিচিৰ দোহাই দি এপটোৰ ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য বিচাৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিব বিচাৰিছে।
সেই নিয়ম যিসকল ব্যৱহাৰকাৰীয়ে মানি ল’ব নিবিচাৰে তেওঁলোকৰ WhatsApp বন্ধ কৰি দিয়া হ’ব বুলিও কোৱা হৈছিল।
WhatsApp ৰ নতুন প্ৰাইভেচি পলিচি মানি ল’লে যিকোনো ব্যৱহাৰকাৰীৰে WhatsApp ৰ মেছেজ ফেচবুকত শেয়াৰ হোৱাৰ আশংকা কৰা হৈছিল।
তদুপৰি WhatsApp ৰ নতুন প্ৰাইভেচি পলিচি মানি লোৱাৰ ফলত ব্যৱহাৰকাৰীৰ সকলো ব্যক্তিগত তথ্য গুগল চাৰ্ছত সহজে উপলব্ধ হোৱাৰো সম্ভাৱনা আছে। এনে পৰিস্থিতিত WhatsApp ব্যৱহাৰকাৰীৰ গোপনীয়তা বুলি কোনো কথাই নাথাকিব।
WhatsApp কৰ্তৃপক্ষৰ নতুন প্ৰাইভেচি পলিচিৰ বিৰুদ্ধে বিশ্বজুৰি প্ৰতিবাদ হোৱাৰ পিছত সংস্থাটোৱে অহা মে’ মাহলৈ নতুন প্ৰাইভেচি পলিচি কাৰ্যকৰী নকৰে বুলি ঘোষণা কৰিছে।
WhatsApp ৰ নতুন প্ৰাইভেচি পলিচিৰ বিৰুদ্ধে দেশৰে এগৰাকী সমাজকৰ্মীয়ে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন সন্দৰ্ভত আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে।
শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববড়েই WhatsApp ক কঠোৰ ভাবে সকিয়াই দি কয় যে হ’ব পাৰে WhatsApp এটা ২-৩ ট্ৰিলিয়ন ডলাৰ সম্পত্তি থকা কোম্পানী, কিন্তু ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য তেওঁলোকে ৰাজহুৱা কৰিব নোৱাৰে।
তেওঁ কয় যে A ই B বা Cলৈ প্ৰেৰণ কৰা মেছেজ ফেচবুকত শেয়াৰ হোৱাটো কোনোপধ্যে মানি ল’ব নোৱাৰি।
মানুহৰ গোপনীয়তাৰ প্ৰসংগত সেয়ে ন্যায়ালয়ে মাত মাতিবলৈ বাধ্য বুলি তেওঁ কয়।