কুকুৰক পানীত দলিয়াই দিয়াৰ ভিডিঅ’ ভাইৰেল,বঙাইগাঁৱত যুৱকক গ্ৰেপ্তাৰ

একচন ফৰ এনিমেলৰ এজাহাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ আৰক্ষীৰ

এটি কুকুৰক পানীত দলিয়াই দি আনন্দ লভা যুৱক এজন অৱশেষত বঙাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ৷

বঙাইগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱকজন বঙাইগাঁও চহৰৰ সমীপৰ দোলাইগাঁৱৰ নকুল বৰ্মন বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷

উল্লেখ্য যে যুৱকজনে অন কেমেৰাত এটা কুকুৰক পানীত দলিয়াই দিয়াৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱী সংগঠন ‘একচন ফৰ এনিমেল’ৰ ফালৰ পৰা বিষয়টো বঙাইগাঁও আৰক্ষীক অৱগত কৰাত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নকুল বৰ্মনক গ্ৰেপ্তাৰ কৰে ।

যুৱকজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই।