জন্মদিন পালন কৰিবলৈ আহি সৰভোগৰ বেঁকী নৈৰ দলঙত অগ্নিদগ্ধ যুৱক-যুৱতী; হাস্পাতালত ভৰ্তি

CobU5TgVUAQZxPo

বেঁকী নৈৰ দলং। ফটো: টুইটাৰৰ সৌজন্যত।

সৰভোগত সোমবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ সৰভোগৰ বেঁকী নৈৰ দলঙত বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহি শৰীৰত জুই লাগি আহত হৈছে এহাল যুৱক-যুৱতী৷

আহত দুয়োকে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ৷

আহত যুৱকজনৰ নাম ৰণোজ জাজোদিয়া আৰু যুৱতী গৰাকীৰ নাম স্বয়ছমিতা অধিকাৰী ৷ দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিছে যে বাৰ্থডে পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতী গৰাকীৰ শৰীৰত জুই লাগিছিল ৷

Also Read: Encounter কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী; আহতক হাস্পাতালত ভৰ্তি

উল্লেখ্য যে যুৱক-যুৱতী হালে AS19 N 8376 নম্বৰ বাহনত উঠি বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আহিছিল ৷

এই ঘটনা সংঘটিত হোৱাৰ পাছত সেই বাহনতেই বৰপেটা মেডিকেল কলেজলৈ যাবলৈ চেষ্টা কৰিছিল ৷ পাছত ১০৮ গাড়ীৰে বৰপেটা মেডিকেল কলেজলৈ যুৱক-যুৱতী হালক প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি দুয়ো মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷

যুৱক-যুৱতী হালৰ লগত বাৰ্থডে চেলিব্ৰিটিত নবজিৎ দাস নামৰ এজন বন্ধুও আছিল বুলি বৰপেটাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিছে ৷

Also Read:Jaya Bachchan loses cool আপোনালোকৰ বেয়া দিন আহি আছে; সংসদত বিজেপিক অভিশাপ জয়া বচ্চনৰ

আৰক্ষীয়ে নবজিৎ দাসক বৰপেটাৰোড আৰক্ষী থানাত আনি কিদৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’বলৈ পালে তাৰবাবে জেৰা অব্যাহত ৰাখিছে ৷