বাক্সাৰ তামুলপুৰত শোকাৱহ ঘটনা, দৰাৰ সাজত যুৱকৰ আত্মহত্যা

tt

বাক্সাৰ তামুলপুৰৰ ঝাৰগাঁওত শোকাৱহ ঘটনা। দৰাৰ সাজ পিন্ধি যুৱকৰ আত্মহত্যা।

তামুলপুৰত শোকৰ ছাঁ পেলোৱাৰ লগতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

আত্মহত্যা কৰা যুৱকজন হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁও নিবাসী কৰুণা ডেকাৰ ত্ৰিশ বছৰীয়া পুত্ৰ তপন ডেকা (৩০)।

মঙ্গলবাৰে নিশা পৰিয়ালৰ সৈতে ভাত-পানী খাই তপনে নিজৰ কোঠাত শুইছিল।

বুধবাৰে দিনৰ ১২-৩০ বজালৈকে তপনে কোঠাৰ পৰা ওলাই অহা নাছিল।

খুৰাক এজনে দুৱাৰত টুকুৰিয়াই তপনক মাতি সহাঁৰি নোপোৱাত ঘৰৰ খিৰিকীৰে ভিতৰত জুমি চোৱাত তপনক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে ঘৰখনত হুৱাদুৱা লাগে।

খবৰ পাই তামুলপুৰৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আনে।

বিয়াৰ সাজ পিন্ধি আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

আৰক্ষীৰ মতে তপনে বিগত কিছু বছৰ ধৰি বহিঃৰাজ্যত কাম কৰিছিল যদিও কাল কৰোনাৰ বাবে ঘৰলৈ উভতি আহি কৰ্মহীন হৈ পৰে।

তপনে অনতি পলমে বিয়া পতাৰ বাবে হেঁপাহ কৰিছিল যদিও আৰ্থিক দৈন্যতাৰ বাবে বিয়া পাতিব পৰা নাছিল।

মানসিক ভাৱে হতাশাগ্ৰস্ত হৈ দৰাৰ সাজ পিন্ধি আত্মহত্যা কৰা বুলি চৰ্চা চলিছে অঞ্চলটোত।

কাইলৈ তপনৰ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হব।