NORTHEAST NOW (Assamese)

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যুৱ উৎসৱ আৰু বাৰ্ষিক সভা

November 10, 2019 7:59 am · দীপক কুমাৰ পাঠক

‘মানসিকভাৱে সবল হলেহে এজন মানুহক সবল বুলিব পাৰি’ এই ভাষ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ যোগেন চন্দ্ৰ কলিতাৰ। শুকুৰবাৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যুৱ উৎসৱ আৰু বাৰ্ষিক সভাত মুখ্য অতিথি হিচাপে যোগদান কৰি তেওঁ এইদৰে কয়।

ভাষণ প্ৰসংগত তেওঁ কয় যে দেশখন আগুৱাই নিবলৈ হলে আমি দেশৰ কথাটোতহে প্ৰথমে অগ্ৰাধিকাৰ দিব লাগিব। এইক্ষেত্ৰত তেওঁ নিজৰ নিজৰ সামৰ্থ অনুযায়ী সকলোৱে দেশক সহায় কৰিব লাগে বুুুলিও দোহাৰে।

ভাষণ প্ৰসংগত বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে শিক্ষাই আমাক একেলগে থাকিবলৈ শিকায় আৰু আমি একেলগে থাকিবলৈ হলে যিকোনো ধৰ্মক বা যিকোনো জাতিক সন্মান কৰিবলৈ শিকা উচিত।

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন মোহন শৰ্মাৰ সভাপতিত্বত অনুুুষ্ঠিত উক্ত সভাত তামুলপুৰ কেন্দ্ৰীয় বিদ্যলয়ৰ অধ্যক্ষ গুৰুপদ তালুকদাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া লেহো ৰাম বড়ো, তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগেন বড়ো আদিয়ে ভাষণ প্ৰদান কৰে।

সভাৰ শেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয়। শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Related News