NORTHEAST NOW (Assamese)

এইমাত্ৰ অহা খবৰ: মহানগৰীৰ বশিষ্ঠত প্ৰেমিকৰ গুলীত আহত প্ৰেমিকাৰ ভাতৃ

February 20, 2022 9:08 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 20, 2022 9:09 am
প্ৰতিনিধিত্বমূলক ফটো।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ অঞ্চলৰ লতাকটাত এক চাঞ্চল্যকৰ ঘটনা ঘটিছে। দেওবাৰে পুৱাই প্ৰেমজনিত এই ঘটনাত এজন যুৱকে তেওঁৰ প্ৰেয়সীৰ জ্যেষ্ঠ ভাতৃক গুলীয়াই আহত কৰে।

প্ৰেমত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিতে ঘটে এই গুলীচালনাৰ ঘটনা।

পশ্চিমবংগৰ পৰা অহা সমৰ ৰয় নামৰ প্ৰেমিক যুৱকজনে তেওঁৰ প্ৰেয়সীৰ ককায়েক প্ৰেম কুমাৰ দেবনাথক গুলীয়াই আহত কৰে।

সমৰ ৰয়ে প্ৰেয়সীৰ জ্যেষ্ঠ ভাতৃক গুলীয়াই কোঠাৰ ভিতৰতে আত্মগোপন কৰে যদিও ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰয়ক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক:বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰে: আছু

বশিষ্ঠৰ লতাকটাৰ মানিক দেবনাথ নামৰ লোকজনৰ গৃহ নং ৫৮-ত এই ঘটনা  ঘটে।

জানিব পৰা মতে, আৰক্ষীয়ে প্ৰায় তিনিঘন্টা ধৰি ঘৰটো ঘেৰি ৰাখে আৰু অৱশেষত পিষ্টলসহ সমৰ ৰয়ক গ্ৰেপ্তাৰ কৰে।

ইপিনে, আহত প্ৰেম কুমাৰ দেবনাথক চিকিৎসাৰ বাবে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।   

Related News