বন্যহস্তীৰ আক্ৰমণ : গোলাঘাটত নিহত যুৱক

শুকুৰবাৰে নিশা গোলাঘাট বন সংমণ্ডলৰ অন্তৰ্গত ৰংবঙত বন্যহস্তীৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হয়।

ৰংবং অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা বনৰীয়া হাতীৰ জাক খেদিবলৈ যাওতে হাতীৰ আক্ৰমণত যুৱকজনৰ মৃত্যু হয়।

জানিব পৰা মতে, মৃত যুৱকজনৰ নাম বাবু কুৰ্মী। খবৰ অনুসৰি নিশা বন বিষয়া আৰু আৰক্ষী উপস্থিত হোৱাৰ পিছতে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

উল্লেখ্য যে গোলাঘাটৰ বিশেষকৈ নুমলীগড়, মৰঙী আদি ঠাইত দীৰ্ঘদিনে চলি আহিছে বন্যহ্যস্তীৰ উপদ্ৰৱ।

বনৰীয়া হাতীয়ে এই অঞ্চলসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে ৰাইজে অনিদ্ৰাত ৰাতি কটাবলগা হৈছে। লগতে খেতি-পথাৰত হাতীয়ে চলোৱা উপদ্ৰৱৰ বাবে খেতিয়ক সকলৰ দুখে কোলাই-পাচিয়ে নধৰা অৱস্থা হৈছে।

অসহায় কৃষকসকলে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ চৰকাৰক আহ্বান জনাইছে।