বৃদ্ধ পিতৃ-মাতৃক নিৰ্যাতন : অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ

20bd09f1-99be-4cc0-8c67-0462dedaec60

বৃদ্ধ পিতৃ-মাতৃক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হেমন্ত বৰা। ফটো : নৰ্থইষ্ট নাও

ড্ৰাগছ আসক্ত এজন যুৱকৰ অত্যাচাৰত কথমপি প্ৰাণ ৰক্ষা কৰি এহাল বৃদ্ধ দম্পতিয়ে নিজৰ ঘৰ-দুৱাৰ এৰি পলায়ন কৰিব লগা হোৱা এক ঘটনাই নগাঁও জিলাৰ চামগুৰিক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে।

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি বিলপাৰৰ এহাল বৃদ্ধ পিতৃ-মাতৃয়ে নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হৈ পৰিয়ালৰ অন্যসকল লোকৰ সৈতে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হয়।

হেমন্ত বৰা নামৰ ড্ৰাগছ আসক্ত যুৱকজনৰ আক্ৰমণত তেওঁৰেই জন্মদাতা বৃদ্ধ পিতৃ-মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও হেমন্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়।

নিৰ্যাতিত পিতৃ-মাতৃয়ে বৃহস্পতিবাৰে নিশা শিলঘাট-গুৱাহাটী ৰে’ল পথেৰে পলায়ন কৰি চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ পুত্ৰৰ বিৰুদ্ধে এখন এজাহৰ দাখিল কৰে৷

ড্ৰাগছ আসক্ত উন্মত্ত পুত্ৰই বৃহস্পতিবাৰে নিশা নিজৰ বাসগৃহ, মূল্যবান সা-সমগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে এয়াৰ গান লৈ ভাবুকি প্ৰদান কৰে বুলি নিৰ্যাতিত পিতৃ-মাতৃয়ে অভিযোগ উত্থাপন কৰে৷

হেমন্তৰ পৰিয়ালে চামগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাই হেমন্ত বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে পিতৃ-মাতৃক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা এয়াৰগান, ডেগাৰ, ছুৰী আদিও জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, চামগুৰিৰ একাংশ বিজেপি নেতা-পালিনেতাই যোৱা নিশা গ্ৰেপ্তাৰ হোৱা হেমন্তক এৰি দিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে বুলি হেমন্তৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিলেও চামগুৰি আৰক্ষীয়ে অভিযুক্ত হেমন্ত বৰাক শুকুৰবাৰে জেল-হোজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷