মাজে সময়ে সমালোচিত হ’লেও বানাক্ৰান্তৰ কাষত থিয় দিলে youtuber আৰু pubg player

অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াই দিলে মহানুভৱতাৰ পৰিচয়

WhatsApp Image 2020-07-21 at 11.34.37 AM

Youtube  ত বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰি বা পাবজি খেলি মাজে সময়ে দৰ্শক ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে যদিও মুঠ তিনিগৰাকী youtuber আৰু PUBG খেলুৱৈয়ে দিছে মহানুভৱতাৰ পৰিচয়।

তেওঁলোক ক্ৰমে YOUTUBER দিম্পু বৰুৱা, মিষ্টাৰ ৰাজা আৰু আন্তঃৰাষ্ট্ৰীয় পাবজি খেলুৱৈ তথা টিম 8 বিটৰ স্বত্ত্বাধিকাৰী অনিমেশ আগৰৱাল।

তিনিওৱে youtube ষ্ট্ৰীমিং কৰি বহু ধন সংগ্ৰহ কৰাৰ উপৰিও নিজাববীয়াকৈ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।

এই সম্পৰ্কে ফেচবুক পেইজৰ জৰিয়তে লিখি দিম্পুৱে কয়, “YouTube ত বানপানীৰ সাহায্যৰ বাবে 50 minutes live আহিলো, আৰু তাতে 100-200 কে super chat ত প্ৰায় 43হাজাৰ টকা উঠিল, এতিয়া এই টকা খিনিৰ কিবা 20 না 30 শতাংশ YouTube এ কাটি ৰাখি বাকী খিনি মোৰ bank account ত দিব ………. এতিয়া কাটি ৰখা টকা খিনি মই নিজে দিম আৰু লগতে মোৰ পৰা অলপ কিবা টকা যোগ কৰি এটা বানপীড়িত অঞ্চলত গৈ এই টকা খিনি মানুহৰ মাজত বিলাম …… যিবোৰ মানুহৰ ঘৰ মাটি সব শেষ হ’ল বানপানীত তেনেকুৱা 43 ঘৰ মানুহক 1000 কৰি দিব পৰিলেও বহুত।”

ইপিনে, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গুৱাহাটীৰ ৰিহাবাৰীৰ PUBG খেলুৱৈ অনিমেশ আগৰৱালে তিনিঘণ্টা ৪১ মিনিট লাইভ ষ্ট্ৰীমিং কৰি সংগ্ৰহ হোৱা ৩,০২,৬৩৫ টকাৰ উপৰিও নিজাববীয়াকৈ ৫০ হাজাৰ ৩৬৫ টকা অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ আগবঢ়াব বুলি ঘোষণা কৰিছে।

তেওঁ মুঠ ৩,৫৩০০০টকাৰ আধাখিনি অসমক আৰু বাকী আধাখিনি বিহাৰৰ বানাক্ৰান্তক আগবঢ়াব।

ইয়াৰোপৰি, ভাৰত বিখ্যাত youtuber আৰু ৰোষ্টাৰ কেৰি মিনতিয়ে লাইভ ষ্ট্ৰীমিং কৰি ১০ লাখ আৰু নিজাববীয়াকৈ ১ লাখ টকা অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ আগবঢ়াব বুলি ইতিমধ্য ঘোষণা কৰিছে।

আনহাতে, শেহতীয়াকৈ কালি নিশা অসমৰ youtuber তথা ৰোষ্টাৰ মিষ্টাৰ ৰাজাই লাইভ ষ্ট্ৰীমিং কৰি ১২৮০০ টকা দৰ্শকৰ পৰা সংগ্ৰহ কৰি নিজাববীয়াকৈ ২২০০ টকাৰে মুঠ ১৫০০০ টকাৰে বানপীড়িত পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।