• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিজিটেল এৰেষ্টৰ বলি ইউটিউবাৰঃ বৰ্ণনা কৰিলে ৪০ ঘণ্টীয়া দুৰ্বিসহ অভিজ্ঞতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2025 7:11 pm
212
VIEWS
Share on FacebookShare on Twitter

৪০ ঘণ্টীয়া ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ বলি অভিনেতা তথা জনপ্ৰিয় ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ অংকুশ বহুগুণা। তেওঁ কয় যে তেওঁ মানসিকভাৱে ভাঙি গৈছে। সমগ্ৰ অভিজ্ঞতাৰ এটা ভিডিঅ’ তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এই ভিডিঅ’টো সজাগতাৰ বাবে কৰা হৈছে বুলিও তেওঁ কয়।

অভিনেতাজনক কেৱল এঘণ্টা বা দুঘণ্টা নহয়, ৪০ ঘণ্টাৰ বাবে ডিজিটেলভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল। ভিডিঅ’টোত কয় যে তেওঁৰ প্ৰথমে ফোন আহিছিল। তেওঁক কয় যে, পাৰ্চেল এটা আছে, কুৰিয়াৰ বাতিল কৰা হৈছে। সহায়ৰ বাবে শূন্য টিপক। প্ৰথম ভুলটো আছিল শূন্য টিপি দিয়া, কাৰণ তেওঁ জানিছিল যে তেওঁ কোনো পাৰ্চেল অৰ্ডাৰ কৰা নাই। ই আছিল অটো জেনেৰেটেড কল।

অভিনেতাজনে কয় যে, তাৰ পিছত তেওঁৰ ফোনটো কাষ্টমাৰ কেয়াৰলৈ স্থানান্তৰ কৰা হয়। আনহাতে বিপৰীত পক্ষৰ ব্যক্তিজনে অংকুশ নামৰ কুৰিয়াৰ চীনলৈ গৈ আছে বুলি কয়, যিটো আৰক্ষীয়ে ধৰে। পাৰ্চেলত বহু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। যিকোনো মুহূৰ্ততে অভিনেতাক গ্ৰেপ্তাৰ কৰিব পাৰিব। ভয়তে তেওঁ নিজকে নিৰ্দোষী বুলি ক’লে। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ গৈ ৪০ ঘণ্টা ধৰি আটক কৰি ৰাখিছিল তেওঁক।

অভিজ্ঞতাৰ কথা কওঁতে তেওঁৰ মুখত ভয় আৰু আতংকৰ ছাপ স্পষ্ট হৈ পৰে। তেওঁ কয়, ‘আন্তঃৰাষ্ট্ৰীয় মহলৰ সৈতে জড়িত বুলি কোৱা হয়। মোৰ নামত একাধিক অপৰাধজনিত অভিলেখ আছে বুলিও ক’লে। সহায় বিচাৰিলে মুম্বাই আৰক্ষী (ভুৱা পুলিচ)ৰ লগত যোগাযোগ কৰে। এই ভিডিঅ’ কলটো ভুৱা আৰক্ষীয়ে কৰে। তেওঁলোকৰ হাতত আছিল আৰক্ষীৰ ইউনিফৰ্ম। মোক কোৱা হ’ল যে কোঠাটোৰ সকলো গেজেট বন্ধ কৰি দিব আৰু বাহিৰৰ কাৰো লগত যোগাযোগ নকৰিব। যোগাযোগ কৰিলে গ্ৰেপ্তাৰ কৰাটো অনিবাৰ্য।‘

ভয়ত অভিনেতাজনে কাৰো লগত যোগাযোগো কৰা নাছিল। ৪০ ঘণ্টা ধৰি তেওঁ লুকাই থাকিল। লগতে সকলো তথ্য প্ৰৱঞ্চকক দিছিল বুলিও তেওঁ কয়। প্ৰতাৰকসকলে অংকুশক জনাইছিল যে তেওঁৰ ঘৰৰ তলত আৰক্ষী মোতায়েন কৰা হৈছে। ওলাই আহিলেই আটক কৰা হ’ব বুলি ভাবুকি দিয়া হৈছিল।

উল্লেখ্য যে, ডিজিটেল জগতত ডিজিটেল গ্ৰেপ্তাৰ এক অতি সাধাৰণ শব্দ। প্ৰতিদিনে দেশৰ ক’ৰবাত কিছুমান মানুহক প্ৰতাৰণা কৰা হৈছে। কিছুদিন আগতে বংগৰ নাদিয়াত এজন বৃদ্ধই ১ কোটি টকা নিছিল। তাৰ আগতে এই দেশত এনে বহু ঘটনা সংঘটিত হৈ আছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd