ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছে যে ৰাছিয়াৰ সামৰিক বাহিনীৰ আক্ৰমণৰ ফলত পূব ইউক্ৰেইনৰ ডনবাছ অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। ইউক্ৰেইনৰ পূব অংশ মূলত: এক ঔদ্যোগিক অঞ্চল আৰু মস্কোৱে বৰ্তমান এই অঞ্চলটোক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ সামৰিক অভিযান পৰিচালনা কৰিছে।
নিজে পোষ্ট কৰা এটা ভিডিঅ’ বাৰ্তাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এইদৰে কয়, “দখলদাৰীসকলে (ডনবাছত) অধিক শক্তি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি আছে। এই অঞ্চলটো নৰক হৈ পৰিছে আৰু এয়া একেবাৰে অতিৰঞ্জিত কৰি কোৱা নাই। ‘
তেওঁ লগতে কয়, “ওডেচা অঞ্চলকে ধৰি মধ্য ইউক্ৰেইনৰ চহৰসমূহত ৰাছিয়াৰ নিৰন্তৰ আক্ৰমণ চলি আছে। আৰু ডনবাছ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।”
লগতে পঢ়ক: জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ
জেলেনস্কিৰ ভাষাত, “এইটো যিমান সম্ভৱ সিমান ইউক্ৰেনীয় লোকক হত্যা কৰা, যিমান সম্ভৱ সিমান ঘৰ-বাৰী, সামাজিক সুবিধাসমূহ আৰু উদ্যোগসমূহ ধ্বংস কৰাৰ এক ইচ্ছাকৃত আৰু অপৰাধমূলক প্ৰয়াস।”