ইউক্ৰেইনে ৰাছিয়াৰ ভিতৰলৈ ড্ৰ’ন প্ৰেৰণ কৰি সেই দেশৰ পাঁচটা বিমান ঘাটিত নিয়োজিত ৪১খন বোমাৰু বিমান ধ্বংস কৰিছে। ইউক্ৰেইনৰ এই আকস্মিক আক্ৰমণে চাৰে তিনি বছৰীয়া যুদ্ধৰ গতিপথ সলনি কৰিব নেকি সেই সন্দৰ্ভত ইতিমধ্যে আলোচনা আৰম্ভ হৈছে।
এই পৰিস্থিতিৰ মাজতে সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে সকীয়াই দিয়ে যে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰা বন্ধ নকৰিলে তেওঁলোকেও ড্ৰ’ন আক্ৰমণ অব্যাহত ৰাখিব।
আমেৰিকাৰ মধ্যস্থতাত সোমবাৰে তুৰস্কত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনা অনুষ্ঠিত হয়। যদিও বৈঠকত বন্দী আৰু মৃত জোৱানৰ মৃতদেহ বিনিময় সন্দৰ্ভত একমতত উপনীত হয়, তথাপিও যুদ্ধবিৰতিৰ ক্ষেত্ৰত দুয়োপক্ষই দৃঢ় সিদ্ধান্তত উপনীত হ’ব পৰা নাই।
এই সংঘাত বন্ধ কৰিবলৈ ইউক্ৰেইনে বৈঠকৰ পূৰ্বে কেইবাটাও চৰ্ত দাখিল কৰিছিল। ৰাছিয়াই অৱশ্যে বৈঠকৰ সময়তে নিজৰ চৰ্তসমূহ দাঙি ধৰে। ইউক্ৰেইনৰ প্ৰতিনিধিয়ে কয় যে তেওঁলোকে চৰ্তসমূহ পৰ্যালোচনা কৰি এসপ্তাহৰ পিছত সিদ্ধান্ত ল’ব।
দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকৰ অন্তত ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই মস্কোৱে দাখিল কৰা চৰ্তসমূহ ফাদিল কৰে। ইয়াৰ ভিতৰত আছিল ইউক্ৰেইনত ৰাছিয়ান সেনাই দখল কৰা অঞ্চলসমূহ মস্কোক গতাই দিয়া আৰু ৰাছিয়ান ভাষাক ইউক্ৰেইনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া। স্বাভাৱিকতে ইউক্ৰেইনে এই দাবীসমূহ নাকচ কৰিছে।
আনহাতে, শান্তি আলোচনাৰ মাজতে ৰাছিয়াই পূব ইউৰোপত বিমান আক্ৰমণ অব্যাহত ৰাখিছে। ৰাছিয়াৰ সীমান্তৰ ক্ৰামাটৰ্স্কত এজন লোকৰ মৃত্যু হয়। আহত হয় দুজন। ইলিনিভকাত দুজন লোকৰ মৃত্যু হয়। ইউক্ৰেইনৰ খাৰকিভ অঞ্চলতো দুগৰাকী মহিলাৰ মৃত্যু হৈছে।
ইউক্ৰেইনৰ দাবী যে ৰাছিয়াই প্ৰতিদিনে ইউক্ৰেইনত আক্ৰমণ চলাই আছে। কিয়েভে এই আক্ৰমণ বন্ধ নহ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিছে। এই বিষয়ত জেলেনস্কিয়ে আমেৰিকাৰ হস্তক্ষেপো বিচাৰিছে। তেওঁ কয় যে আমি আমেৰিকাৰ পৰা কঠোৰ ব্যৱস্থাৰ বাবে অপেক্ষা কৰি আছো। মই ভাবো (ড’নাল্ড) ট্ৰাম্পে (ৰাছিয়াৰ ওপৰত) নিষেধাজ্ঞা আৰোপ কৰাটো সমৰ্থন কৰিব আৰু পুটিনক যুদ্ধ বন্ধ কৰিবলৈ বাধ্য কৰিব।