টকাৰ অভাৱ! পিন্ধিবলৈ ভাল এযোৰ জোতা নাই এই দেশখনৰ ক্ৰিকেটাৰ তাৰকাসকলৰ

এজন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ কিন্তু পিন্ধিবলৈ তেওঁৰ পৰ্যাপ্ত জোতা নাই।

কেৱল তেওঁ বুলিয়ে নহয়, দলটোৰ কোনো সদস্যৰে এজোৰ জোতাৰ বাদে বেলেগ জোতা নাই।

একেজোৰ জোতাকে তেওঁলোকে কেইবাখনো মেচ খেলিব লাগে।

চাফাও কৰিব লাগে নিজেই।

হয়, টকা আৰু গ্লেমাৰেৰে পৰিপূৰ্ণ ক্ৰিকেট বিশ্বৰ বাবে শুনিবলৈ আচৰিত লাগিলেও এনেধৰণৰ এটা বাতৰিৰে শিৰোনামালৈ আহিছে জিম্বাব’ৱেৰ বাওঁহতীয়া বেটছমেন ৰিয়ান বাৰ্ল।

ক্ৰিকেটাৰজনে জিম্বাব’ৱেৰ হৈ আটাইকেওটা ফৰ্মতে অংশগ্ৰহণ কৰি আহিছে।

শনিবাৰে টুইটাৰযোগে তেওঁ পুৰণা ফাটি যোৱা জোতাৰ ফটো প’ষ্ট কৰি অনুৰোধ কৰিছিল যাতে, তেওঁলোকৰ জিম্বাব’ৱে ক্ৰিকেট টীমটোক স্পনছ’ৰ কৰিবলৈ কোনোবাই আগবাঢ়ি আহে।

লগে লগে টুইটটো ভাইৰেল হৈ পৰে।

বহু লোকে এসময়ৰ অতি জনপ্ৰিয় ক্ৰিকেট দলটোৰ এই অৰ্থনৈতিক দুৰ্দশাত ম্ৰিয়মান হয়।

অৱশেষত, জাৰ্মানীৰ প্ৰখ্যাত জোতা নিৰ্মাতা সংস্থা ‘পুমা’ই ক্ৰিকেটাৰজনৰ টুইটটোৰ বিষয়ে জানিব পাৰে।

তাৰপাছতে পুমাই টুইটাৰযোগে জনায় যে ক্ৰিকেটাৰজনৰ অনুৰোধমৰ্মে সংস্থাটোৱে দেশখনৰ ক্ৰিকেট দলটো স্পনছ’ৰ কৰিবলৈ আগবাঢ়িছে।

পুমাই এই কথা জনোৱাৰ লগে লগে ২৭ বৰ্ষীয় ক্ৰিকেটাৰজনে সংস্থাটোক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখযোগ্য যোৱা এক দশক ধৰি জিম্বাব’ৱেৰ ক্ৰিকেট দলটোৱে বিশেষ একো উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

৯০ৰ দশকত এটা শক্তিশালী দল হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপাই থকা দেশখনৰ পৰা সেই সময়ত হীথ ষ্ট্ৰীক, টাটেণ্ডা টাইবু, হেনৰী ওলোংগা, এন্দী ফ্লাৱাৰ, গ্ৰাণ্ট ফ্লাৱাৰৰ দৰে তাৰকা ক্ৰিকেটাৰক দেখা পোৱা গৈছিল।

শেহতীয়াকৈ দেশখনৰ ক্ৰিকেট দল আৰু ক্ৰিকেট ব’ৰ্ডখন বিভিন্নধৰৰ সমস্যাৰ সমুখীন হৈ আছে।