মহামাৰী ৰূপ ধাৰণ! জিম্বাবোৱেত সৰু আইত আক্ৰান্ত হৈ ৬৮৫ জন লোকৰ মৃত্যু

Zimbabwe measles outbreak জিম্বাবোৱেত সৰু আই-য়ে ক্ৰমান্বয়ে মহামাৰী হৈ পৰিছে। সমগ্ৰ দেশতে টিকাকৰণ অব্যাহত থকা স্বত্বেও দেশখনত সৰু আইৰ প্ৰভাৱৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে। এতিয়ালৈকে সৰু আইৰ ফলত ৬৮৫ জন লোকৰ মৃত্যু হৈছে। জিম্বাবোৱেৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে।

মন্ত্ৰালয়ে শনিবাৰে এক টুইটাৰ পোষ্টত কয়, “এতিয়ালৈকে জিম্বাবোৱেত ৬,০৩৪ জন সৰু আই ৰোগী চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত, ৫,২৬৬ জন লোক বৰ্তমান সংক্ৰমিত হৈছে। ৬৮৫ জন লোকৰ মৃত্যু হৈছে।‘’ ইয়াৰ ভিতৰত যোৱা ১ ছেপ্টেম্বৰত সৰু আইৰ ফলত ৩৭ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: টাইৱানক ১০০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ বিক্ৰী আমেৰিকাৰ; কি ক’লে ক্ষুব্ধ চীনে?

সাধাৰণতে সৰু আইত ৬ মাহৰ পৰা ১৫ বছৰ বয়সৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক হয়। বিশেষকৈ যিবোৰ শিশুৱে সৰু আইৰ প্ৰতিষেধক লোৱা নাই।

যোৱা মাহত দেশখনৰ তথ্য মন্ত্ৰী মনিকা মুটচভাংৱাই কৈছিল যে জিম্বাবোৱেৰ বহুতো অভিভাৱকে ধৰ্মীয় বিশ্বাসৰ বাবে তেওঁলোকৰ শিশুসকলক টিকাকৰণ কৰাৰ পৰা বিৰত আছিল। সেয়ে চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰ্মীয় নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হৈছে যাতে তেওঁলোকে তেওঁলোকৰ অনুগামীসকলক সজাগ কৰাৰ লগতে শিশুসকলক টিকাকৰণ কৰাত উৎসাহিত কৰিব পাৰে।