মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জনেৰে কাঞ্চনজংঘাৰ অভিলেখ

kanchanjangha

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নতুন চলচ্চিত্ৰ কাঞ্চনজংঘাই মুক্তিৰ দিনাখনে ৪০ লাখ টকা উপাৰ্জনেৰে ভংগ কৰিবলৈ সক্ষম হয় মিছন চাইনাৰ অভিলেখ।

ইয়াৰ লগে লগে জুবিন গাৰ্গৰ কাঞ্চনজংঘা মুক্তিৰ প্ৰথম দিনটোতে সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।

গুৱাহাটী মহানগৰীকে ধৰি শিৱসাগৰ, যোৰহাট, মঙলদৈ, ৰঙিয়া, গোৱালপাৰা আদি অসমৰ বিভিন্ন স্থানৰ চলচ্চিত্ৰ গৃহসমূহত মুক্তি লাভ কৰা কাঞ্চনজংঘা চাবলৈ শুকুৰবাৰে ছবিগৃহত দৰ্শকসকলে ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, বিভিন্ন ঠাইত চলচ্চিত্ৰখনৰ প্ৰথম পাঁচদিনৰ টিকত বিক্ৰী ইতিমধ্যে শেষ হোৱা বুলি জানিব পৰা গৈছে।

অসমৰ লগতে কলকাতা, হায়দৰাবাদ, বাংগালুৰু, মুম্বাই,দিল্লীৰ ছবিগৃহতো কাঞ্চনজংঘাই মুক্তি লাভ কৰিছে।

আনহাতে, অসমৰ দুই এটা ছবি গৃহত চলচ্চিত্ৰখন উপভোগ কৰিবলৈ গৈ কিছু সংখ্যক দৰ্শকে ফেইচবুক লাইভ দিয়া আৰু মোবাইল ফোনেৰে চলচ্চিত্ৰখনৰ ৰেকৰ্ডিং কৰি য়ুটিউবত আপলোড কৰা কাৰ্য্যক লৈ ক্ষোভিত হৈ পৰিছিল জুবিন গাৰ্গ।

তেজপুৰ, অৰুণাচল আদি ঠাইৰ মনোৰম লোকেশ্যন দৃশ্যগ্ৰহণ কৰা কাঞ্চনজংঘাত জুবিন গাৰ্গে নিজেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।