NORTHEAST NOW (Assamese)

জুবিনে ক’লে, “মানুহে ভুলকৈ বুজিছে; কাইলৈ-পৰহিৰ ভিতৰত স্পষ্টীকৰণ দিম”

July 29, 2019 6:42 pm · এন ই নাও নিউজ
Updated: July 29, 2019 6:43 pm

ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত শিল্পী জুবিন গাৰ্গে নিজৰ বক্তব্যৰ অৰ্থ-উদ্দেশ্য বেয়া নাছিল বুলি দাবী কৰিছে।

“অৰ্থটো বেলেগ আছিল, মই অলপ বেলেগকৈ ক’লো কাৰণে, বুজিলে বেলেগ ধৰণে”, বঙাইগাঁৱৰ জিলা বক্সিং এছচিয়েশ্যনৰ এটা অনুষ্ঠানত উপস্থিত থকা জুবিনে ২৮ জুলাইৰ সন্ধিয়া এইদৰে কয়।

জুবিনৰ মন্তব্য সম্পৰ্কত সংবাদমেল দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চ

ইপিনে মঙলদৈ বিষ্ণু মন্দিৰত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চই এখন সংবাদমেল দি জুবিনক সমালোচনা কৰাৰ লগতে শিল্পীজনক “সুৰাকণ্ঠ” হিচাপে অভিহিত কৰে।

কেৱল সিমানেই নহয়, সংবাদমেলত ব্ৰাহ্মণ সমাজে জুবিন গাৰ্গৰ নিৰ্মীয়মাণ চিনেমা কাঞ্চনজংঘাই ছবিগৃহত মুখঠেকেচা খাব বুলি আশা কৰে।

Related News